খিলঞ্জীয়া অসমীয়া মুছলমান




         বিংশ শতিকাৰ প্ৰসিদ্ধ সাহিত্যীক ডা. বিৰিঞ্চি কুমাৰ বৰুৱাই তেঁওৰ অন্যতম গ্ৰন্থ "অসমীয়া ভাষা আৰু সংস্কৃতি"ত উল্লেখ কৰা অনুসৰি একাদশ আৰু দ্বাদশ শতিকাৰ মধ্য ভাগত অসমলৈ মুছলমান সকলৰ আগমন ঘটিছিল । 

       কথিত আছে যে মহম্মদ বিন বকখতিয়াৰ খিলজি(প্ৰথম অসম আগমনকাৰী মুছলিম )য়ে চীন দেশলৈ অধিপত্য বিস্থাৰ কৰা উদ্দেশ্যে অসম আক্ৰমন কৰিছিল ।আৰু তেতিয়াৰ পৰাই মুছলিমসকলে অসমত থিতাপি লবলৈ আৰম্ভ কৰিছিল ।উল্লেখনীয় যে,আহোম সকলৰ আগমনৰ( চন:১২২৬ ) ২০ বছৰ আগতেই মুছলিমসকলৰ আগমন (চন:১২০৬ ) ঘটিছিল ।


        ১৩২২ চনত,মুছলিম সাধক গিয়াচুদ্দিন আউলিয়াই ইছলাম ধৰ্ম প্ৰ্চাৰ কৰা উদ্দেশ্যে অসমলৈ অহিছিল । তেঁওৰ প্রভাৱত বহু স্থানীয়লোক ধৰ্মান্তোৰিত হৈ ইছ্লাম ধৰ্ম গ্ৰহন কৰিছিল ।মন কৰিবলগিয়া এই যে,গিয়াচুদ্দিন আউলিয়াতকৈ সুদূৰ বাগদাদ চহৰৰ পৰা অহা চুফি সাধক আজান ফকিৰে অসমত বেছি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল ।উল্লেখযোগ্য যে, বাগদাদ হৈছে ইৰাকৰ ৰাজধানী যত কিছুদিন পূ্ৰ্বে চাদ্দাম হুছেইনে একনায়ক্ত কৰিছিল ।

       অন্য এজন অসমৰ মুছলীম বীৰপুৰুষ হল বাঘ হাজৰিকা( মোৰ মাৰ আজোককাৰ আজোককা) ।তেঁও সপ্তদশ শতিকাত বীৰত্বৰ বাবে জনাজাত আছিল ।তেঁও গড়গাঁওৰ ওচৰৰ ঢেকেৰীগাঁওত জন্মলাভ কৰিছিল । বাঘ হাজৰিকাৰ ৰণকৌশল ব্যৱহাৰ কৰিয়েই মহাবীৰ লাচিত বৰফুকনে মোগলক পৰাস্থ কৰিবলৈ সক্ষম হৈছিল ।ইউকিপেডিয়া অনুসৰি,এই নি্ৰভীক বীৰজনে নিজৰ সাহসীকতাৰ পৰিচয়ৰে অসমীয়া সৈন্যবাহিনীৰ উচ্চ পদবীত অধিস্থিত হৈছিল ।

     ইয়াৰ উপৰিও,স্বনামধন্য অসমীয়া মুছলিম ফকৰুদ্দিন আলী আহমেদ হৈছে অসমৰ পৰা স্বীকৃত হোৱা প্ৰথম আৰু একমাত্ৰ (বৰ্তমানলৈ) অসমীয়া ৰাষ্ট্ৰপতি ।উল্লেখযোগ্য যে, অসমীয়া মুছলিমৰ ওপৰত লিখিবলগীয়া বহুত আছে আৰু তাৰ মাজৰ পৰাই আপোনালোকলৈ বুলি মোৰ এটি ক্ষুদ্ৰ প্ৰয়াস। আপোনালোকৰ মূল্যবান মন্তব্যই ভৱিষ্যতে মোক অনুপ্ৰৰণা যোগাব । ধন্যবাদ ।


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.