আজান ফকিৰ আৰু অসম


ৰুপাই দাধৰা(কূখ্যাত অসমীয়া মুছলমান) কল্পিতভাবে আহোম ৰজাক আজান ফকিৰ এক মোগলৰ গুপ্তস্বৰ বুলি ভাবিবলৈ বাধ্য কৰাই আৰু যাৰ ফলস্বৰুপে আহোম ৰজাই তেঁওক শাস্তি হিচাপে চকুযুৰি উলিয়াই পেলায়|

আজান ফকিৰৰ ইতিহাস বৰ্ণনা কৰা আগত মই মানুহৰ প্ৰবজনৰ ওপৰত কিছু বিচাৰিছো|
মানৱ ইতিহাসত অনাদিকালৰ পৰাই মানৱ প্ৰবজনৰ সঠিক প্রমাণ পোৱা যায় অতি হাস্যকৰ যে,বিজ্ঞানে আজি ইমানখিনি উন্নতি কৰাৰ পাছতো আজিলৈকে পৃথিৱীৰ প্ৰথম মানৱ সম্পৰ্কে কোনো সন্ধান দিব পৰা নাই |কিন্তু সাধাৰণভাৱে মহান গ্ৰন্থ কোৰাণে অকল প্ৰথম মানৱৰ সন্ধানেই দিয়া নাই বৰঞ্চ সেই ব্যক্তিত্বৰ নামো উল্লেখ কৰিছে|তেঁও হৈছে হজৰত আদম(:) |আৰু সেই সময়ৰ পৰাই মানব জাতিৰ অধিপত্য আৰম্ভ হৈছিল|

উইকিপিডিয়া অনুসৰি,মানৱ সভ্যতা ১৫০,০০০ বছৰ আগতেই আফ্ৰিকাত আৰম্ভ হৈছিল আৰু ৭০,০০০ বছৰ আগতে স্থানান্তৰিত হৈ ৪০০০ বি.চি. এছিয়া ,ইউৰোপ আৰু অষ্ট্ৰেলিয়াত বিস্তৄত হৈ পৰে| তথ্য অনুসৰি মানৱ জাতিৰ আমেৰিকালৈ প্ৰবজন ঘটিছিল আজিৰ পৰা প্ৰাই ২০০০০-১৫০০০ বছৰ আগত আৰু ২০০০ বছৰ ভিতৰত প্ৰশান্ত দ্বীপ সমূহত উপনিৱেশ স্থাপন কৰা হৈছিল|ইয়াৰ পাচত জনসংখ্যা আন্দোলন নৱপ্ৰস্থযোগীয় বিপ্লৱ,ইন্দো-ইউৰোপীয় সম্প্ৰসাৰণ,আৰ্লি-মেদিঅভাল আৰু তুৰ্কি সম্প্ৰসাৰণৰ সৈতে অন্তৰ্ভূক্ত হয়|আমি মানুব প্ৰবজনৰ কাৰনেই দৄঢ় সাংস্কৄতিক ৰৄপান্তৰ দেখিব পাও|ভাৰত,তুৰ্কি,দক্ষিণ আফ্ৰিকাত এনে প্ৰবজনৰ অভিজ্ঞতা দেখা যায় আৰু ইয়াৰ ফলস্বৰুপে অসমতো ইয়াৰ প্ৰভাৱ পৰিলক্ষিত হয়| সেই কাৰনেই ভূপেন হাজৰিকাই গাইছে….

“”
মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তিৰ্থ
কত যুগ ধৰি আহিছে প্রকাশি
সমন্বয়ৰ অর্থ
সুদূৰ কান্যকুব্জৰে পৰা বাৰভূঞা আহিছিলে
সেই বংশতে শংকৰদেউ ইয়াতে জনমিলে
মৰুৰ দেশৰে আজান ফকীৰে
মধুৰ জিকিৰ ৰচিলে…..””

শংকৰদেৱৰ আদিপুৰুষ কান্যকুব্জৰ পৰা আহিছিল আৰু বৰদোৱা, নগাঁওত থিতাপি লৈছিল|আৰু তেঁওৰ অৱদান অসমীয়া সমাজলৈ আছিল অপুৰণীয়|আজান ফকিৰৰ ক্ষেত্ৰতো কোনো ব্যতিক্ৰম নাছিল|আজান ফকিৰৰ প্ৰায় শংকৰদেৱৰ জন্মৰ ১০০ বছৰ পাচত অৰ্থাৎ ১৬৩০ চনত অসমলৈ আগমন ঘটিছিল|
কিন্তু অতিদুখৰ বিষয় এই যে অতি কমসংখ্যক নৱপ্ৰজন্মই আজি আজান ফকিৰ আৰু তেঁওৰ অসমীয়া সমাজলৈ থকা অৱদানৰ বিষয়ে জানে|

গোগোল মেপে মোক অসম আৰু বাগদাদৰ মাজত দূৰত্ব উলিওৱাত সহায় কৰিছিল|সেয়া হৈছে ,১১৬. কি.মি.|এইদৰে এটি ক্লান্তিকৰ,দীৰ্ঘ তথা প্ৰাণঘাটি যাত্ৰা ভ্ৰমণ কৰাৰ পাছত ১৬৩০ চনত আজান ফকিৰে নিজ ভাতৄ শ্বাহ নভিৰ সৈতে অসমত ভৰি দিয়েহি|ইয়াৰ পাছত তেঁও এগৰাকী আহোম যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয় আৰু বিখ্যাত যোদ্ধা বাঘ হাজৰিকাৰ জন্মস্থান গড়গাঁওত বাস কৰিবলৈ লয়|প্ৰেমৰ সংমিশ্ৰন ,ষড়যন্ত্ৰ,দাবী-হুমকি,কৰ্তব্যৰে ভৰপূৰ তেঁওৰ জীৱনী নিসন্দেহে এটি ৰোমান্টিক থ্ৰিলাৰ পঢ়াৰ দৰে নালাগে|

আজান ফকিৰৰ অসমীয়া মুছলিম সমাজলৈ উল্লেখযোগ্য অৱদান আছিল আযান( আৰবী ভাষাত আধান নামেৰে উচ্চৰিত) |সেয়া হৈছে দিনৰ নিৰ্ধাৰিত সময়ত প্ৰাৰ্থনালৈ আমন্ত্ৰিত কৰিবলৈ মোৱাজ্জিনে আবৄতি কৰা প্ৰাৰ্থনা|কথিত আছে যে আজান ফকিৰৰ আবিৰ্ভাৱৰ আগতে অসমত কোনেও আযান শুনা নাছিল| সেই কাৰণেই শ্বাহ মিলন আজান ফকিৰ নামেৰে বিখ্যাত হৈ পৰে|

আজান ফকিৰক তেঁওৰ হিন্দু আৰু মুছলিম সম্প্ৰদায়ৰ বাবে থকা প্ৰেমৰ কাৰণে দুইখন সমাজৰ ৰাষ্ট্ৰদূত বুলিও অভিহিত কৰিব পাৰি|আজান ফকিৰৰ অসমীয়া সমাজলৈ থকা উল্লেখযোগ্য অৱদান আছিল জিকিৰ আৰু জাৰি|আজান ফকিৰে প্ৰায় অসমীয়া ভাষাত ১৬০ টি জিকিৰ ৰছনা কৰিছিল বুলি বিশ্বাস কৰা যায়|তেঁও এজন ভাল গায়কো আছিল আৰু তেঁও শিষ্যসকলৰ লগত মিলি একেলগে জিকিৰ গোৱা দেখা গৈছিল|

জিকিৰ শব্দটি আৰবী ভাষাৰযিকৰশব্দৰ পৰা উত্পত্তি হৈছে যাৰ অৰ্থ হৈছে গান গোৱা বা ঈশ্বৰৰ নাম স্মৰণ কৰা |বৈশিষ্ট আৰু বিষয়বস্তুৰ ফালৰ পৰা জাৰি,জিকিৰৰ পৰা পৄথক| জাৰিসমূহ মূলত: ইৰাকৰ বিখ্যাত চহৰকাৰবালা ট্ৰেজেডি ওপৰত প্ৰতিস্থিত|কিন্তু তেঁওৰ এই জাৰিসমুহ সহীহ অল-বোখাৰী(কোৰানৰ পৰৱৰ্তী ইচলামী উচ্চ বংশজাত গ্ৰন্থ) বিপৰীতে যোৱা দেখা যায়|গতিকে তেঁওৰ এই মতাদৰ্শ ইমাম গজালী সহকাৰে অন্যান্য ইচলামী ধৰ্মতত্ববিদে বিৰোধিতা কৰা দেখা যায়| আজান ফকিৰ আছিল এজন ধৰ্মপ্ৰচাৰক,পণ্ডিত নহয় আৰু পণ্ডিতসকলৰো ভূল হয়| সেয়ে কোৱা হয়মানুহ মাত্ৰেই ভূল”|
এইয়া আছিল আজান ফকিৰ আৰু তেঁওৰ অৱদান সম্পৰ্কে সংক্ষিপ্ত বৰ্ণনা|অসমলৈ থকা তেঁওৰ অৱদান স্মৰণীয় তাত কোনো সন্দেহৰ অৱকাশ নাই|আল্লাহতালাই তেঁওক সজ-কৰ্মৰ বাবে স্বৰ্গত স্থান দিয়ক তাৰে কামানাৰে…..


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.