পানীত ফিটকিৰি মিহলাই গা ধুৱাৰ ৬ টা আচৰিত লাভালাভ, জানো আহক 6 surprising benefits of mixing alum in bathing water

পানীত ফিটকিৰি মিহলাই গা ধুৱাৰ ৬ টা  আচৰিত লাভালাভ, জানো আহক  

আপুনি নিশ্চয় ফিটকিৰিৰ নাম নিশ্চয় শুনিছে। প্ৰাচীন কালৰ পৰাই ঘৰত ফিটকিৰি ব্যৱহাৰ কৰা হয়। আজি আমি এই লিখনিটোৰ জৰিয়তে আপোনাক পানীত ফিটকিৰি মিহলাই গা ধোৱাৰ কিছুমান লাভালাভৰ বিষয়ে জনাম । আপুনি ফিটকিৰি মিহলাই পানী দি গা ধুয় নেকি? যদি আজিলৈকে ধুৱা নাই, তেন্তে আজিৰ পৰাই পানীত ফিটকিৰি মিহলাই গা ধুবলৈ আৰম্ভ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ কেৱল এটা লাভালাভ নহয় বহুকেইটা  স্বাস্থ্য লাভালাভ পাব পাৰে । সবিশেষ জানো আহক ।  যদি উপযুক্ত বুলি ভাবে তেন্তে বন্ধুবৰ্গৰ লগত এই লিখনিটো শ্বেয়াৰ কৰিব নাপাহৰিব । 
6 surprising benefits of mixing alum in bathing water

1. ছালৰ বাবে উপকাৰী 

ফিটকিৰিক ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয়। ফিটকিৰিত এক্সট্ৰিজেনট গুণ পোৱা যায় যিয়ে ছাল টান কৰে। ইয়াৰ পানীৰে গা ধুলে আপোনাৰ মুখৰ কোঁচবোৰ সহজে পৰিষ্কাৰ হয় ফলত ছাল সহজে কোঁচ নাখায়। ফিটকিৰিৰ পানীয়ে আপোনাৰ ছালত গুটি গুটি উঠা  সকলো সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। মুখৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ আপুনি আপোনাৰ মুখখন ফিটিকিৰিৰ পানীৰে ধুব পাৰে। আয়ুৰ্বেদ শাস্ত্ৰত পিম্পল (শালমইনা) আৰু ছালৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ফিটকিৰি ব্যৱহাৰ কৰিবলৈও পৰামৰ্শ দিয়া হৈছে। 

2. মূৰৰ লেতেৰা পৰিষ্কাৰ কৰক 

ফিটকিৰিৰ এণ্টি-বেক্টেৰিয়েল গুণাগুণ থাকে যি আপোনাৰ চুলি আৰু মূৰৰ ছালৰ গভীৰতালৈ যায় আৰু ভালদৰে পৰিষ্কাৰ কৰে। গৰম বা কুহুমীয়া পানীত ফিটকিৰি মিহলাই গা ধোলে উকনিৰ সমস্যাৰ পৰাও সমাধান পোৱা যায়। যদি আপুনি ইয়াৰ পৰা অধিক সুবিধা ল'ব বিচাৰে, তেন্তে ৰাতি পানীত ফিটকিৰি ভিজাই ৰাখক আৰু ৰাতিপুৱা সেই পানীৰে আপোনাৰ মুৰটো ভালদৰে ধুৱক। ইয়াৰ দ্বাৰা আপোনাৰ  মূৰৰ উকনি সমস্যা সমাধান হোৱাই নহয় উফিৰ সমস্যাও সমাধান হয় । ফিটকিৰি মূৰত লৈ ঘঁহিলে আপোনাৰ মূৰত জমা হোৱা ধুলিও পৰিষ্কাৰ হয়। 

3. ঘামৰ গোন্ধ আঁতৰ কৰে

গ্ৰীষ্মকালত ঘাম ওলোৱাটো এটা ডাঙৰ সমস্যা লগতে ঘামৰ গোন্ধ। গৰমৰ দিনত গা ধোৱাৰ অলপ পিছতেই ঘাম ওলোৱা আৰম্ভ হয়। এনে পৰিস্থিতিত ফিটকিৰিৰ পানীৰে গা ধুব। ফিটকিৰিৰ এছট্ৰিজেণ্ট আৰু এণ্টিচেপ্টিক গুণ আছে যিয়ে আপোনাৰ শৰীৰৰ পৰা ঘামৰ দুৰ্গন্ধ প্ৰতিহত কৰিবলৈ কাম কৰে। যদি আপুনি ঘামৰ গোন্ধৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব বিচাৰে, তেন্তে পানীত ফিটকিৰি ভাঙিব বা পিহি দি পিছত ইয়াৰ সৈতে গা ধুব। 

4. চুলিৰ বিকাশত সহায় কৰে

ফিটকিৰি চুলিৰ বিকাশৰ বাবেও যথেষ্ট উপকাৰী। ফিটকিৰিয়ে আপোনাক চুলিৰ বিকাশ আৰু পকা চুলি  সমস্যাৰ পৰাও সুৰক্ষিত কৰে। ইয়াৰ বাবে ফিটকিৰি গুৰি কৰি গোলাপ জলৰ সৈতে মিহলি কৰক। আৰু পানী যোগ দি ইয়াৰ দ্বাৰা গা ধুৱক । এই ক্ষেত্ৰত, আপোনাৰ চুলি নিশ্চিতভাৱে বিকশিত হ'ব। 

5. প্ৰস্ৰাৱৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰে

যিসকল লোকে প্ৰায়ে প্ৰস্ৰাৱৰ সংক্ৰমণৰ অভিযোগ কৰে তেওঁলোকে বিশেষকৈ ফিটকিৰি ব্যৱহাৰ  কৰিব লাগে। আপোনাৰ গোপন অংগ পৰিষ্কাৰ কৰাৰ বাবে ফিটকিৰি এটা ভাল বিকল্প বুলি গণ্য কৰিব পাৰি। ই লেতেৰা আঁতৰ কৰে আৰু প্ৰস্ৰাৱৰ সংক্ৰমণ বা অন্যান্য প্ৰকাৰৰ সংক্ৰমণৰ আশংকা হ্ৰাস কৰে ।

6. গাঁঠিৰ বিষৰ পৰা পৰিত্ৰাণ প্ৰদান কৰে

ফিটকিৰি পানীৰে গা ধোৱাটো এক প্ৰকাৰাৰ পেইনকিলাৰ থেৰাপী বুলি গণ্য কৰা হয়। যিদৰে গৰম পানী আপোনাৰ গাঁঠি আৰু স্নায়ুৰ বাবে কাৰ্যকৰী হয়, ঠিক একেদৰেই গৰম পানীত ফিটকিৰি যোগ দিলে আপোনাৰ বিষ হ্ৰাস কৰাত সহায় কৰে। ইয়াত মেঙ্গানিজ পোৱা যায় আৰু মেঙ্গানিজৰ প্ৰদাহ-প্ৰতিৰোধী গুণাগুণ থাকে যি হাড় ফুলা আৰু বিষ হ্ৰাস কৰাত সহায়ক বুলি গণ্য কৰা হয়। 

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/09/6-surprising-benefits-of-mixing-alum-in.html 

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.