ধন সম্পত্তি বৃদ্ধিৰ বাবে আজিয়েই ঘৰত ৰোৱক এই পাঁচজোপা গছ Vastu Tips for Financial growth

Vastu Tips for Financial Growth

সচাৰচৰ আমাৰ প্ৰায়ৰে ঘৰত বহু প্ৰকাৰৰ গছ গোচনী আছে। যদি বাস্তু অনুসৰি যদি আমি এনে কিছুমান গছ ৰোপন কৰোঁ তেতিয়া ঘৰত সুখ শান্তিৰ আগমন হয়। অৱশ্যে ইয়াৰ বৈজ্ঞানিক কাৰণো আছে আৰু গছ গছনিৰ জৰিয়তে আমি অক্সিজেন গ্ৰহণ কৰিব পাৰো। 

Vastu Tips for Financial growth

বাস্তু শাস্ত্ৰ অনুসৰি আমাৰ ঘৰত কিছুমান গছ হোৱাটো বহুত প্ৰয়োজন। এনে কিছুমান গছ আছে,যিসমূহ ৰোপন কৰিলে ঘৰত শান্তি সমৃদ্ধি বৃদ্ধি হ'ব আৰু মহালক্ষ্মীৰ বসতি হ'ব।  আজি আমি সেই বিশেষ গছ কেইজোপাৰ বিষয়ে জনাম।

তুলসী গছ 

তুলসী গছ যদি ঘৰৰ ভিতৰত হয় তেতিয়া ঘৰত কোনো ধৰণৰ  ঋণাত্মক শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰে। কাৰণ তুলসীয়ে ঋণাত্মক শক্তি ধ্বংস কৰি দিয়ে। ই কোনো ধৰণৰ অপশক্তিক ঘৰৰ ভিতৰত প্ৰৱেশ কৰিব নিদিয়ে। তুলসীক প্ৰভু নাৰায়ণৰ প্ৰিয় বুলি কোৱা হয়। যিখন ঘৰত তুলসীৰ বাস হয় সেইখন ঘৰত কেতিয়াও অপাই অমংগলে স্থান নাপায় । তুলসী গছ সাক্ষাৎ লক্ষ্মীৰ স্বৰূপ হয় , যি খন ঘৰত তুলসী গছ হয় তাত অন্ন , ধনৰ কেতিয়াও অভাৱ নহয়। গতিকে ঘৰত তুলসী গছ থকাটো নিতান্তই প্ৰয়োজনীয় । 

নৰসিংহ

বাস্তু শাস্ত্ৰ অনুসৰি নৰসিংহ গছৰ ৰুলেও বহুত ভাল। নৰসিংহ গছৰ পুলি ৰোপন কৰিলে শনি, ৰাহু, কেতু তিনিওটা গ্ৰহ শান্ত হৈ থাকে আৰু সন্তুষ্ট হয়। এই গছ ৰোপণ কৰিলে ঘৰত ধনাত্মক শক্তিৰ প্ৰভাৱ পৰে আৰু অপায় অমংগল দূৰ হয় ।

আমলখি 

আমলখি গছৰ পুলি ৰুলে মহালক্ষ্মী আপোনাৰ ঘৰত চিৰস্থায়ী হৈ বাস কৰিব । আমি জানো যে আমলখি গছত ভগবান কৃষ্ণয়ে বাস কৰে। যি খন ঘৰত আমলখিৰ গছ থাকে তেনে ঘৰত লক্ষ্মীও থাকে। যত নাৰায়ণ থাকে তাত লক্ষ্মীও থাকে। সেই কাৰণে আমলখিৰ গছ ৰোপন কৰিব লাগে।

আকন গছৰ পুলি  

১১ বছৰৰ পিছত আকন গছৰ শিপাৰে গণেশ মূৰ্ত্তিৰ নিৰ্মান হয়। আকন গছৰ ফুল গণেশৰ বহুত প্রিয়। আকন গছৰ পুলি ৰোপণ কৰিলে আত্মবিশ্বাস বৃদ্ধি পায়। সূৰ্যৰ যিটো ৰশ্মিৰ উৎপন্ন হয় সেই পোহৰৰ ৰশ্মিৰ আকন গছত দেখিবলৈ পোৱা যায়। আকন গছৰ ফুল সূৰ্যৰ দৰে উজ্বল হয়। আপোনাৰ মান সন্মান সুখ দুখ ৰাজভোগ আদিৰ ভাগ্য উদয় হয়। সেই কাৰণে আমি আকন ফুলৰ পুলি ৰুব লাগে ।

শেৱালী ফুলৰ গছ

শেৱালী ফুল সমুদ্ৰ মন্থন কৰোঁতে উৎপত্তি হৈছিল। শেৱালী ফুলৰ বিশেষত্ব হৈছে যে এই ফুল স্পৰ্শ কৰিলে ভাগৰোৱা ভাব কমি যায়। এই ফুল পাহ দেবতা সকলৰ বহুত প্রিয়। শেৱালী ফুলে স্বৰ্গত স্থান পাইছিল। শেৱালী ফুল যাৰ ঘৰত থাকিব কোনো বেয়া শক্তিয়ে প্ৰভাৱ পেলাব নোৱাৰে।  আপোনাৰ ঘৰত যদি দেৱ দোষ অথবা কোলা দেৱতাৰ দোষ আছে তেতিয়া শেৱালী ফুল ৰোপন কৰিলে দোষ নাইকিয়া হৈ যাব। 

ঘৰত গছ ৰোপন কৰোঁতে সদায় উত্তৰ-পূৱ দিশত লগাব লাগে। এই দুটা দিশৰ বাহিৰে যদি আপুনি অন্য দিশত ৰোপণ কৰে তেতিয়া সুফল পোৱা নাযায়। 

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/09/vastu-tips-for-financial-growth.html 

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.