ঘৰৰ ঈশান কোণত এইকেইটা বস্তু থাকিলে হব আপুনি ভাগ্যবান | Assamese Vastu Tips for North East Position

আমাৰ ঘৰৰ প্ৰতিটো কোণ আৰু দিশ এটা গ্ৰহৰ সৈতে সম্পৰ্কিত হৈ থাকে। প্ৰতিটো গ্ৰহ প্ৰতিটো  কোণ বা দিশৰ গৰাকী। অতিতৰ আমাৰ গাওঁৰ ঘৰ বা ডাঙৰ খোলা চোতাল থকা ঘৰখনৰ তুলনাত চহৰত নিৰ্মাণ কৰা বৰ্তমানৰ ঘৰবোৰ অতি সৰু। তথাপিও, দিশ আৰু কোণৰ গৰাকী হোৱা এই গ্ৰহবোৰে তেওঁলোকৰ প্ৰভাৱ দেখুৱায়। আজি আমি  বাস্তুশাস্ত্ৰ অনুসৰি আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰভাৱ থকা  ঈশান কোণৰ সবিশেষ জনাম। লগতে জনাম ঈশান কোণত কি বস্তু থলে  কেনে ধৰণৰ ফল আহে । 

North East Position of Home - Assamese Vastu Tips

ঈশান কোণ কাক কয়

উত্তৰ-পূব দিশক ঈশান কোণ বুলি কোৱা হয় আৰু বাস্তুশাস্ত্ৰত আটাইতকৈ গুৰুত্বপূৰ্ণ থকা দিশটোৱে হৈছে ঈশান কোণ । ঈশান কোণৰ গৰাকী গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ  । বৃহস্পতি হৈছে এনে এটা গ্ৰহ যাক ধন, সম্পদ আৰু উন্নতিৰ কাৰক হিচাপে গণ্য কৰা হয় । 

ঈশান কোণত মূল গেট থাকিলে কি হয়

যদি ঘৰৰ মূল দুৱাৰ বা গেট ঈশান কোণত থাকে,  তেন্তে ঘৰ মালিকে মনে বিচৰা ক্ষেত্ৰখনত সফলতা লাভ কৰে । এনে পৰিয়ালৰ পুত্ৰই নিশ্চিতভাৱে পৰিয়াললৈ গৌৰৱ কঢ়িয়াই আনে আৰু যথেষ্ট সন্মান অৰ্জন কৰে। 

ঈশান কোণত পাকঘৰ থাকিলে কি হয়

যদি ঘৰৰ উত্তৰ-পূব কোণত পাকঘৰ থাকে, পৰিয়ালৰ সদস্যসকলে সামান্য সফলতাতে সন্তুষ্ট হ'ব লাগিব। সেই পৰিয়ালৰ জেষ্ঠ মহিলা, ডাঙৰ জীয়েক বা বোৱাৰী ধৰ্মপৰায়ণ হোৱা দেখা যায় । সেৱা সম্পৰ্কী মনোভাৱ সকলোৰে থাকে পৰিয়ালত থকা সদস্যসকলৰ মাজত এক বিভেদৰ পৰিৱেশো দেখা যায় । গতিকে ঈশান কোণত পাকঘৰ থাকিলে ইমান এটা সুফল পোৱা নাযায় ।

ঈশান কোণত শোৱনি কোঠা থাকিলে কি হয়

যদি ঘৰৰ ঈশান কোণত শোৱনি কোঠা থাকে তেন্তে ঘৰৰ মুৰব্বী ৰাগিয়াল প্ৰকৃতিৰ হয় । গতিকে ঈশান কোণত শোৱনি কোঠা থকাটো উচিত নহয় ।

ঈশান কোণত ষ্ট'ৰ ৰুম থাকিলে কি হয়

যদি ঘৰৰ ঈশান কোণত ষ্ট'ৰ ৰুম বনাই তাত খাদ্যশস্য ৰখা হয়, তেনে ঘৰৰ মালিক ভ্ৰমণপ্ৰিয়  হয় ।আৰু যদিহে এই কোণত  ডাইনিং ৰুম থাকে তেন্তে এই পৰিয়ালৰ লোকসকল অতি ধাৰ্মিক আৰু আধ্যাত্মিক প্ৰকৃতিৰ হয় ।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

ঈশান কোণৰ অন্যান্য গুৰুত্ব

  • যদি ঈশান কোণত টকা আৰু গহনা ৰখা হয় তেনে ঘৰৰ গৰাকী অতি বুদ্ধিমান হয় আৰু ঘৰৰ যিকোনো এটা সন্তানে যথেষ্ট নাম উপাৰ্জন কৰিবলৈ সক্ষম হয় ।
  • যদি ঈশান কোণত কুঁৱা, স্নানাগাৰ, পানীৰ টেপ আদি থাকে তেনেপৰিয়ালৰ সদস্যসকলৰ বয়স বৃদ্ধি হয়। স্বাস্থ্য ভাল থাকে । মনটো শান্ত হৈ থাকে আৰু ভৱিষ্যত আনন্দদায়ক হয়।
  • বাস্তু শাস্ত্ৰ অনুসৰি ঈশান কোণত শৌচাগাৰ/স্নানাগাৰ নিৰ্মাণ সম্পূৰ্ণৰূপে নিষিদ্ধ। ঈশান কোণত পানীৰ টেংকৰ দৰে গধুৰ বস্তুৰ নিৰ্মাণো নিষিদ্ধ। ঈশান কোণটো কোনো ধৰণে ওজনযুক্ত বস্তু হ'ব নালাগে।লিখনিটো শ্বেয়াৰ কৰি আপোনাৰ পৰিয়ালৰ বাকীসকলকো জানিব দিয়ক ।

     

      https://api.whatsapp.com/send?texthttps://www.assameseinfo.com/2021/10/assamese-vastu-tips-for-north-east.html 

    "Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact the experts in respective fields before trying any of the remedies here."

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.