কাতি বিহুৰ দিনা সন্ধিয়া কৰক এই কাম । লখিমীয়ে ঘৰ উপচি পৰিব । Kati Bihu

kati bihu কাতি বিহু

কাতি বিহু সমগ্ৰ অসমতে ১৮ অক্টোৱৰ অৰ্থাৎ সোমবাৰে পালন কৰা হব । কাতি বিহুৰ লগত জৰিত হৈ আছে চহা জীৱনৰ কৃষ্টি । কাতি বিহুক আমি লখিমী আদৰাৰ উৎসৱ হিচাপেও পালন কৰো । কাতি বিহুৰ দিনাৰ পৰাই সমগ্ৰ কাতি মাহত তুলসী তলত অসমীয়া ৰাইজে বন্তি জ্বলায়। গঞাৰ বিশ্বাস এনে কৰি মনৰ আশা পূৰ্ণ হয়। কাতি বিহুৰ দিনা তুলসীৰ তলত চাকি-বন্তি, বুট-মাহ প্ৰসাদৰ সৈতে লক্ষী আইক আৰাধনা কৰা হয় ।

কাতি বিহুৰ দিনা এইকেইটা কাম কৰিব ভূলতো নাপাহৰিব -

- কাতি বিহুৰ দিনা ঘৰ – দুৱাৰ, আলি – পদূলি, পৰিষ্কাৰ – পৰিচ্ছন্ন কৰি ৰাখিব । ঘৰৰ চৌপাশ চিকুণাই সুন্দৰ কৰি থব । বিশ্বাস কৰা হয় যে কাতি বিহুৰ দিনা ঘৰ – দুৱাৰ, চোতাল – পদূলি লেতেৰা হৈ থাকিলে শস্যৰ প্ৰতীক লক্ষ্মীদেৱীৰ ঘৰলৈ আগমন নঘটে।

- কাতি বিহুৰ দিনা উপবাসে থাকিব লাগে। ভাত খালে স্বাৰ্থপৰ, আপোনপেটীয়া বুলি আখ্যা দিয়া হয়। সেই দিনা ভাত খাব নাপায় বুলি এক জনবিশ্বাস আজিও প্ৰচলিত হৈ আছে।

- কাতি বিহুৰ দিনা আবেলি পথাৰ খন চাই অহাৰ নিয়ম। নহ’লে লখিমীয়ে গিৰিহঁত নাই বুলি ভাবে আৰু তেনে ব্যক্তিৰ ঘৰলৈ লখিমীৰ আগমন নঘটে । ফলত তেনে লোকৰ ঘৰত আকাল হয়, দুখ – কষ্ট হয় ।

- পথাৰত ওখকৈ বাঁহৰ জোঁজ পুতি মাটিৰ চাকি জ্বলাই শস্যৰ মংগল কামনা কৰিব । ভঁৰাল ঘৰত এটা দুনৰিত কেঁচা পিঠাগুৰি, কল, থুৰিয়া তামোল, এঘটি পানীসহ মাটিৰ চাকি জ্বলাই লখিমী আইলৈ বুলি উচৰ্গা কৰিব। লক্ষী দেৱীৰ সন্তুষ্টিৰ বাবেই  এই নিয়ম পালন কৰা হয় ।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

লিখনিটো শ্বেয়াৰ কৰি আপোনাৰ পৰিয়ালৰ বাকীসকলকো জানিব দিয়ক ।

লগতে পঢ়ক -  ঘৰৰ ঈশান কোণত এইকেইটা বস্তু থাকিলে হব আপুনি ভাগ্যবান 

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/10/kati-bihu.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.