আচৰিত ! তেজপাত জ্বলোৱাৰ লাভালাভ জানি হব হতভম্ব | Most widely known benefits of bay leaves

Most widely known benefits of bay leaves

তেজপাত ডায়েবেটিচ, বন্ধ্যাত্ব, কাহ চৰ্দি, গাঁঠিৰ বিষ, তেজৰ পিত্ত, ৰক্তক্ষৰণ, দাঁত পৰিষ্কাৰ কৰা, চৰ্দি আদিৰ দৰে বহুতো ৰোগত উপযোগী হিচাপে কাম কৰে । আমাৰ দেশত তেজপাত মচলা হিচাপে যথেষ্ট পৰিমাণে ব্যৱহাৰ কৰা হয়। ভাৰতৰ ছিকিম, হিমালয়, মণিপুৰ আৰু অৰুণাচল প্ৰদেশত তেজপাতৰ খেতি কৰা হয় । পাতবোৰ তেজপাতৰ গছৰ পৰা ছিঙি ৰদত শুকুৱা বজাৰত বিক্ৰী কৰা হয়। তেজপাতত বিষনিবাৰক আৰু এণ্টিঅক্সিডেণ্ট গুণ পোৱা যায় । 

ৰাতি শুবলৈ যোৱাৰ আগতে কোঠাত জ্বলাই চাওক এটি তেজপাত :

নিশা আপুনি ভালদৰে শুব বিচাৰিলে কোনোধৰণৰ চাপ নোহোৱাকৈ শুৱাটো প্ৰয়োজনীয় । আপোনাৰ মন শান্ত হৈ শিথিল অনুভৱৰ সৈতে শোৱণ কৰা উচিত। কিন্তু আজিকালিৰ ব্যস্ততাপূৰ্ণ জীৱনত এয়া সম্ভৱ হৈ নুথে ।  অফিচত হওক বা কলেজলৈ যাওঁক নাইবা ব্যৱসায়েই হওক সকলোতে চাপ (টেনচন) থাকে। এনে অৱস্থাত ৰাতি শুবলৈ নিচিন্ত মনে শোৱাটো অসম্ভৱ হৈ উঠে । ভালদৰে শুব নোৱাৰিলে  ই আপোনাক মানসিক আৰু শাৰীৰিক ভাৱে ক্ষতি কৰিব পাৰে । 

কিন্তু আপুনি যদি অলপ চেষ্টা কৰে তেন্তে আপোনাৰ টেনচন নিমিষতে উপশম কৰিব পাৰে। ইয়াৰ বাবে আপোনাক বেছি একো কৰিবৰ প্ৰয়োজন নাই, প্ৰয়োজন মাথো এটা তেজপাতৰ। তেজপাত আমাৰ সকলোৰে পাকঘৰত সহজে পোৱা যায়। ইয়াৰ মাত্ৰ ৫ মিনিটত আপোনাৰ টেনচন উপশম কৰাৰ ক্ষমতা আছে। এজন ৰাছিয়ান বিজ্ঞানীয়ে এই বিষয়ে অধ্যয়ন কৰিছিল আৰু দেখিছিল যে তেজপাতে আমাৰ চাপ উপশম কৰিব পাৰে। সেইকাৰণে এৰোমাথেৰাপীৰ বাবে তেজপাত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও, তেজপাতৰ দ্বাৰা ছালৰ ৰোগ আৰু শ্বাস-প্ৰশ্বাসৰ সমস্যা নিৰাময় হয় বুলিও জনা যায়।

How To Use কেনেদৰে ব্যৱহাৰ কৰিব: 

তেজপাত এটা লৈ ইয়াক এটা পাত্ৰত থৈ জ্বলাই দিয়ক। এতিয়া পাত্ৰটোক কোঠাৰ ভিতৰলৈ আনি ১৫ মিনিটৰ বাবে ৰাখক। আপুনি দেখিব যে তেজপাতৰ সুবাসে গোটেই কোঠাটো ভৰাই তুলিছে। একে সময়তে, কোঠাটোৰ পৰিৱেশ অতি আৰামদায়ক হৈ পৰিব। ই আপোনাক স্পা কৰাৰ দৰে অভিজ্ঞতা প্ৰদান কৰিব। আৰাম কৰক আৰু কিছু সময়ৰ বাবে কোঠাটোত বহি থাকক । কিছুসময়ৰ ভিতৰতেই আপুনি শিথিল অনুভৱ কৰিব আৰু আপোনাৰ চাপ হ্ৰাস হ'ব।

ডায়েবেটিচ ৰোগীৰ বাবে চমৎকাৰী তেজপাত

তেজপাত অতি মিহিকৈ গুৰি কৰি লওক। দিনত তিনিবাৰ কৈ পানীৰ সৈতে এক চামুচ এই তেজপাতৰ গুৰি গ্ৰহণ কৰিলে ডায়েবেটিক ৰোগীসকলে সোনকালে লাভান্বিত হয়। ৰক্ত শৰ্কৰা সোনকালে হ্ৰাস হয়। 

চৰ্দি কাহ

তেজপাতে কফ সম্বন্ধিয় ৰোগ নিৰাময় কৰে। দিনত তিনিবাৰ কৈ গৰম পানীৰে এক চতুৰ্থাংশ চামুচ তেজপাতৰ পাউডাৰ গ্ৰহণ কৰিলে চৰ্দি আৰু কাহ নিৰাময় হয়। 

লগতে পঢ়ক - কাতি বিহুৰ দিনা এইকেইটা কাম কৰিব ভূলতো নাপাহৰিব । অন্যথা আগমন নঘটে লক্ষ্মীৰ ।

গাঁঠিৰ বিষ বা জ্বৰ

এগিলাচ পানীত চাৰিটা তেজপাত উতলাওক। যেতিয়া উতলা পানী কমি গৈ আধা হয় তেতিয়া চাকি পেলাই দিনত তিনিবাৰ কৈ খাওক। ইয়াৰ ফলত অধিক প্ৰস্ৰাৱ আহে ।জ্বৰ ঘাম হৈ উলায় যায় আৰু পুনৰ জ্বৰ হয় নুথে। শৰীৰৰ বিষো আৰোগ্য হয়। 

মুৰৰ বিষ

আপোনাৰ যিকোনো কাৰণতেই যদি মুৰৰ বিষ হয়, তেন্তে তেজপাত ঠাৰিৰ সৈতে গুৰি কৰি ইয়াক পাতলকৈ গৰম কৰক আৰু কপালত প্ৰয়োগ কৰক। এনেদৰে আপোনাৰ মূৰৰ বিষ নাইকিয়া হব ।

ৰক্তক্ষৰণ :

যদি আপোনাৰ মুখ, নাক, মল, প্ৰস্ৰাৱ আদিৰ যোগেদি ৰক্তক্ষৰণ হয় তেন্তে এগিলাচ ঠাণ্ডা পানীত এক চামুচ তেজপাতৰ গুৰি মিহলি কৰি প্ৰতি তিনি ঘণ্টাত এবাৰকৈ সেৱন কৰক । ৰক্তক্ষৰণ বন্ধ হব ।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

দাঁত পৰিষ্কাৰ হয়

তেজপাত মিহিকৈ গুৰি কৰি তিনি দিনৰ মূৰে মূৰে দাত মঞ্জন কৰক । আপোনাৰ দাঁতবোৰ উজ্জ্বল হৈ চিকমিকাই পৰিব। 

চৰ্দি: 

নাকৰ চৰ্দি, নাকৰ বিষ, হাঁচি, পানী সৰি পৰা, মূৰত গধুৰতা, জ্বলা-পোৰা, শ্বাসৰুদ্ধ হোৱা ইত্যাদিৰ ক্ষেত্ৰত 10 গ্ৰাম তেজপাত কাটি তাৱা এটাত গৰম কৰি লব। ইয়াৰ 1 টা অংশ, 2 কাপ পানী, সোৱাদ অনুসৰি গাখীৰ, চেনী মিহলাই চাহৰ দৰে উতলাই চেকি লওক। চৰ্দি সম্পৰ্কীয় যিকোনো ৰোগ নিৰাময় কৰিবলৈ ইয়াক দৈনিক 3 বাৰ সেৱন কৰক ।লগতে পঢ়ক - পানীত ফিটকিৰি মিহলাই গা ধুৱাৰ ৬ টা  আচৰিত লাভালাভ, জানো আহক   

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/10/most-widely-known-benefits-of-bay-leaves.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.