আজি মহালয়া । ভূলতো নকৰিব এইকেইটা কাম । জানি লওক Dos and Donts on the day of Mahalaya 2021

আজি পবিত্ৰ মহালয়া । পিতৃপক্ষৰ শেষত অমাৱস্যা তিথিত মহালয়া পালন কৰা হয় । হিন্দুধৰ্মত বিশ্বাস অনুসৰি, এই দিনটোতে মা দুৰ্গাই অসুৰ মহিষাসুৰক বধ কৰিছিল । মহালয়াৰ দিনা কিছুমান নিয়ম আছে যিবোৰ সকলোৱে অনুসৰণ কৰা উচিত।  মহালয়াৰ এই বিশেষ দিনটোত এই কামবোৰ নাপাহৰিব। যদি আপুনি বিচাৰে আপোনাৰ বন্ধুবৰ্গই এই নিয়মসমূহ জনা উচিত তেন্তে লিখনিটো তেঁওলোকৰ লগত শ্বেয়াৰ কৰিব নাপাহৰিব ।

Dos and Donts on the day of Mahalaya 2021

মহালয়াৰ দিনটোত এইকেইটা কাম ভূলটো নকৰিব

-মহালয়াৰ দিনা কোনো ভাল কামৰ শুভাৰম্ভ নকৰিব। উদাহৰণ স্বৰূপে, বিবাহৰ দিন, নতুন ঘৰ আৰু গাড়ী কিনা আদি কাম নকৰাই ভাল। 

-যিসকলে নতুন ব্যৱসায় আৰম্ভ কৰিব বিচাৰে তেওঁলোকে মহালয়াৰ দিনা শুভাৰম্ভ নকৰিব। ইয়াৰ ফলত অমঙ্গল হ'ব পাৰে। 

-মহালয়াৰ এই বিশেষ দিনটোত কোনো আমিষ খাদ্য নোখোৱাই ভাল। 

-মহালয়াৰ দিনা দান দক্ষিণা বিচাৰিলে ভূলতো না নকৰিব , কেতিয়াও খালী হাতেৰে ঘূৰাই নিদিব। 

-যদি কোনোবাই ঘৰলৈ আহি খাদ্য বিচাৰে যিমান সম্ভৱ সিমান খাদ্য খুৱাবলৈ চেষ্টা কৰক। 

-মহালয়াৰ দিনা খাদ্য দান কৰা ভাল। আপুনি চাউল, ময়দা, আটা দান কৰিব পাৰে। 

-মহালয়াৰ দিনা ৰাতিপুৱাই গা ধুব। 

-মহালয়াৰ দিনা আপুনি দৰিদ্ৰ লোকসকলক নতুন কাপোৰ দান কৰিব পাৰে।

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/10/dos-and-donts-on-day-of-mahalaya-2021.html 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.