ধনতেৰাছৰ দিনা ঘৰলৈ লৈ এইবিধ সামগ্ৰী ; গোটেই বছৰত নহব টকা-পইচাৰ নাটনি Things to buy on dhanteras

এই বছৰৰ ২ নৱেম্বৰ, মঙলবাৰৰ দিনা উদযাপন কৰা হ’ব ধনতেৰাছ । ধনতেৰাছত পূজা সন্ধিয়া ৬.১৮ বজাৰ পৰা সন্ধিয়া ৮.১৪ বজালৈ হ’ব। প্ৰচলিত প্ৰবাদ অনুসৰি দেৱতা ধন্বন্তৰী এই দিনটোত সাগৰ মন্থনৰ সময়ত হাতত অমৃতৰ ভাণ্ডাৰ লৈ উপস্থিত হৈছিল৷ ধন্বন্তৰী দেৱতাসকলৰ চিকিৎসক বুলি বিশ্বাস কৰা হয় ৷ সেইকাৰণে ধন্বন্তৰী দেৱতাক ধনতেৰাছৰ দিনা সুস্বাস্থ্য আৰু শৰীৰ ৰোগমুক্ত ৰাখিবলৈ পূজা কৰা হয়। এই দিনটোক কুবেৰৰ দিন হিচাপেও গণ্য কৰা হয় আৰু কুবেৰক ধন-সম্পদৰ বাবে পূজা কৰা হয়।

dhanteras things to buy

Things to Dhanteras 2021 ধনতাৰেছৰ দিনা এইটো বস্তু আনক ঘৰলৈ

ধনতাৰেছৰ দিনা গোটেই বছৰটোত ঘৰটোত ধনৰ অভাৱ নোহোৱাটো নিশ্চিত কৰিবলৈ এক বিশেষ ব্যৱস্থা  গ্ৰহণ কৰক । ধনতেৰাছৰ দিনটোত সাধাৰণতে মানুহে মূল্যৱান ধাতু আৰু নতুন বাচন-বৰ্তন আৰু গহনা ক্ৰয় কৰে। এইদিনটোত ধন-সম্পদ সমৃদ্ধিৰ বাবে ৰূপ ক্ৰয় কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোত একেবাৰে সৰুকৈ হ’লেও ৰূপৰ কিবা এবিধ সামগ্ৰী কিনিব। এই ৰূপৰ সামগ্ৰী ঘৰৰ উপাসনা গৃহত ৰাখক। দীপাৱলীত মা লক্ষ্মীক এই সামগ্ৰী আগবঢ়াওক। দীপাৱলীৰ পিছদিনা ইয়াক চাউল ভৰ্তি পাত্ৰত ৰাখক আৰু তাতেই এবছৰ থাকিবলৈ দিয়ক। ইয়াৰ ফলত আপোনাৰ ঘৰখনত কোনো ধৰণৰ আৰ্থিক সমস্যাই দেখা নিদিয়ে বুলি বিশ্বাস কৰা হয়।

সকলোৰে বাবে ৰূপৰ সামগ্ৰী ক্ৰয় কৰাটো সম্ভৱপৰ হৈ নুথিব পাৰে । তেনেস্থলত পিতলৰ সামগ্ৰী , ঝাড়ু বা ধনিয়াৰ বীজ ঘৰলৈ আনিব পাৰে ।

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/10/things-to-buy-on-dhanteras.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.