চাণক্যৰ মতে জীৱনৰ কঠিন সময়ত সদায় কামত আহে এই 5 টা বস্তু, জানো আহক । Useful Things to Survive in Hard times

এজন দক্ষ , চতুৰ ৰণনীতিবিদ তথা কূটনীতিবিদ আচাৰ্য চাণক্যৰ সমাজৰ প্ৰায় সকলো সৰু-বৰ বিষয়ৰ ওপৰত গভীৰ জ্ঞান আছিল।  আচাৰ্য  চাণক্যই নিজৰ জীৱনকালত সদায় সমাজক পথ প্ৰদৰ্শন কৰিছিল, আৰু তেওৰ 'নীতি শাস্ত্ৰ' ৰচনা কৰিছিল। এই নীতি শাস্ত্ৰৰ জৰিয়তে, চাণক্যয়ে মানুহক সঠিক জীৱন যাপন কৰাৰ পথ দেখুৱাইছে, সেয়েহে চাণক্যজীৰ নীতিবোৰ আজিও প্ৰাসংগিক বুলি গণ্য কৰা হয়।

Chankya Niti

বিশ্বাস কৰা হয় যে যিগৰাকী ব্যক্তিয়ে আচাৰ্য  চাণক্যৰ নীতি অনুসৰণ কৰে তেওঁ তেওঁৰ জীৱনৰ প্ৰতিটো লক্ষ প্ৰাপ্ত কৰিব পাৰে। আচাৰ্য  চাণক্যই তেওঁৰ নীতি শাস্ত্ৰত পাঁচটা কথা উল্লেখ কৰিছে যিবোৰ কঠিন সময়ত মানুহৰ বাবে সদায় উপযোগী হয় । সেই 5 টা বস্তু কি কি জানো আহক -

বিদ্যা: 

আচাৰ্য  চাণক্যৰ মতে, জ্ঞান কেতিয়াও চুৰ কৰিব নোৱাৰি বা ইয়াক কোনেও আপোনাৰ পৰা কাঢ়ি নিব নোৱাৰে। জ্ঞান আহৰণ কৰাটো কামধেনুৰ দৰে। জীৱনৰ কঠিন সময়ত জ্ঞান আপোনাৰ বাবে আটাইতকৈ উপযোগী পৰিগণিত হব পাৰে আৰু কঠিন পৰিস্থিতিৰ পৰা ওলাই অহাত সহায় কৰিব পাৰে। আচাৰ্য  চাণক্যই বিদ্যাক গোপন সম্পদ বুলিও গণ্য কৰি থৈ গৈছে ।

সন্ত ব্যক্তিৰ সংগতি: 

আচাৰ্য চাণক্যৰ মতে, সাধু জ্ঞানীলোকসকলৰ সংগত বাস কৰা ব্যক্তিসকল অতি সৌভাগ্যৱান। তেনে ব্যক্তিয়ে জীৱনৰ প্ৰতিটো পৰিস্থিতি দৃঢ়ভাৱে সন্মুখীন হবলৈ সক্ষম হয়। সমস্যা আহিলেও এনে ব্যক্তি ভাগি নপৰে। সেইকাৰণে তেনে ব্যক্তি সুখ আৰু শান্তিত বসবাস কৰে। 

সুস্থ শৰীৰ:

চতুৰ ৰণনীতিবিদ আচাৰ্য চাণক্যই বিশ্বাস কৰিছিল যে প্ৰতিকূল পৰিস্থিতিতোও স্বাস্থ্যৱান শৰীৰ মানুহৰ বাবে কামত আহে। কিয়নো যদি এজন পুৰুষৰ শৰীৰ স্বাস্থ্যৱান হয়, তেন্তে তেওঁ নিজৰ বুদ্ধি সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ সক্ষম হয়।

ধন সঞ্চয়:

কৌটিল্য নামেৰে জনাজাত আচাৰ্য চাণক্যই বিশ্বাস কৰিছিল যে এজন ব্যক্তিয়ে বেয়া সময়ৰ বাবে ধন সংগ্ৰহ কৰাটো অতি গুৰুত্বপূৰ্ণ। কিয়নো যেতিয়া সমস্যাৰ সময়ত সকলোৱে আপোনাক এৰি যায়, সেইখিনি সময়তে এই ধন আপোনাৰ বাবে কামত আহে। চাণক্যজীয়েও টকাক এজন প্ৰকৃত বন্ধু হিচাপেও বৰ্ণনা কৰিছে।

ঈশ্বৰ: 

যেতিয়া সংকটৰ সময়ত আপোনাৰ পুত্ৰ, কন্যা, পৰিয়ালৰ সদস্য আৰু আনকি পত্নীয়েও কেতিয়াবা আপোনাৰ সংগ এৰি দিয়ে, তেনে সময়ত কেৱল ঈশ্বৰেহে আপোনাক সুৰক্ষা দিয়ে আৰু আপোনাৰ সহাৰি হৈ পৰে । সেয়েহে, আচাৰ্য চাণক্যই বিশ্বাস কৰে যে ঈশ্বৰৰ উপাসনা কেতিয়াও বন্ধ কৰা উচিত নহয়।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/11/5-useful-things-to-survive-in-hard-times.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.