চাণক্য নীতি অনুসৰি এজন সৎ আৰু প্ৰকৃত পুৰুষৰ চাৰিটা লক্ষণ Qualities of a perfect Man

আচাৰ্য চাণক্যই এজন পুৰুষ কিমান ভাল আৰু সৎ, বিশ্বাসী, শালীন গুণসম্পন্ন তাক চিনাক্ত কৰাৰ ৪ টা উপায় বৰ্ণনা কৰি গৈছে। আচাৰ্য চাণক্যৰ অনুসৰি এই চাৰিটা বস্তুৰ আধাৰত এজন মানুহৰ ব্যক্তিত্ব কেনে আৰু তেনে ব্যক্তিৰ লগত কেনেদৰে সম্পৰ্ক ৰাখিব লাগে তাৰ ধাৰণা কৰিব পাৰি ।

Chanakya Niti Assamese

আচাৰ্য চাণক্যই এজন পুৰুষৰ গুণাগুণক সোণৰ গুণাগুণৰ সৈতে তুলনা কৰি লিখিছে যে যিদৰে সোণ আচল নে নকল,  ইয়াক ঘঁহি, গৰম কৰি আৰু কাটি পৰীক্ষা কৰা হয়, ঠিক একেদৰে এজন ভাল পুৰুষৰো চাৰিটা মুখ্য গুণ থাকে আৰু একে চাৰিটা গুণৰ আধাৰতহে এজন পুৰুষক পৰীক্ষা কৰিব পাৰি।

দানশীল

দানৰ অৰ্থ হৈছে আনক সহায় কৰে। দান সদায়ে ধনেৰে জোখা নহয়, প্ৰয়োজন অনুসৰি নিস্বাৰ্থভাৱে কাৰোবাক পথ প্ৰদৰ্শন কৰা, বা কাৰোবাক নিজৰ সময় দি কিবা প্ৰকাৰে সহায় কৰা আদিও দানশীল গুণৰ ভিতৰত পৰে । যদি এজন পুৰুষৰ দানশীল গুণ থাকে তেন্তে ই তেওঁৰ মঙ্গলময়তা প্ৰদৰ্শন কৰে। 

শালীনতা

সাধাৰণতে, শালীনতাৰ গুণ সদায় মহিলাৰ মাজত বিচৰা কৰা হয় যদিও প্ৰকৃততে পুৰুষৰ মহিলাৰ উভয়ৰে ক্ষেত্ৰত শালীনতা, সংস্কাৰ আৰু গুণ থকাটো প্ৰয়োজনীয় । এনে গুণ থকা ভদ্ৰ আৰু নম্ৰ পুৰুষ এজনে সকলোতে সন্মান লাভ কৰে। পুৰুষৰ এই গুণটোৱে তেওঁলোকৰ সৎ ব্যক্তিত্যৰ প্ৰকাশ কৰে । 

গুণী 

চাণক্যৰ মতে, এজন মানুহৰ বহুতো গুণ থাকিব লাগে। অৱশ্যে, আমি কেনেদৰে ভাল বা বেয়া গুণ চিনাক্ত কৰোঁ সেয়া আমাৰ ওপৰত নিৰ্ভৰ কৰে। শান্ত আৰু সভ্য দেখা লোকসকল সকলো সময়তে সৎ হোৱাটো প্ৰয়োজনীয় নহয়। এজন ব্যক্তিৰ গতিবিধি আৰু ভঙ্গীয়েও বহুকথা কয়। বিশ্বাস কৰাৰ আগতে মানুহক পৰীক্ষা কৰাটো প্ৰয়োজনীয় ।

আচাৰ ব্যৱহাৰ

সকলো পুৰুষৰ সামাজিক আচাৰ ব্যৱহাৰৰ জ্ঞান নাথাকে। যি পুৰুষৰ এনে গুণৰ অভাৱ থাকে তেওঁ কেতিয়াও ভাল মানুহ হ'ব নোৱাৰে। আচৰণৰ বিশুদ্ধতা আৰু ব্যৱহাৰৰ গুণ হৈছে ভাল মানুহৰ অলংকাৰ। ভাল আচৰণ থকা এজন মানুহ বেছিভাগ অমায়িক আৰু সামাজিক।

লগতে পঢ়ক -  গৰম পানীত ভৰি ডুবাই পাওক এইকেইটা সমস্যাৰ পৰা মুক্তি 

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/11/qualities-of-perfect-man.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.