অসম সচিবালয়ত ষ্টেনোগ্ৰাফাৰ 44 টা পদত নিযুক্তি মুকলি ,সবিশেষ আৰু অনলাইন আবেদন

Assam Secretariat Recruitment 2022

অসম লোক সেৱা আয়োগে সচিবালয় প্ৰশাসন বিভাগৰ অধীনত অসম সচিবালয়ত (জনতা ভৱন) ষ্টেনোগ্ৰাফাৰৰ (গ্ৰেড-১) ৪৪ টা পদ নিযুক্তি সন্দৰ্ভত এক আনুষ্ঠানিক জাননী প্ৰকাশ কৰিছে। চৰকাৰী অধিসূচনাত উল্লেখ কৰা অনুসৰি উপযুক্ত প্ৰাৰ্থীসকলে এপিএছচিৰ অফিচিয়েল ৱেব পৰ্টেলৰ জৰিয়তে নিযুক্তিৰ বাবে তেওঁলোকৰ অনলাইন আবেদন দাখিল কৰিবলৈ সক্ষম হ'ব। 

Assam Secretariat Recruitment 2022

তাৰ আগতে এই নিযুক্তিৰ সবিশেষ জানি লও আহক -

পদৰ নামStenographer (Garde-I)
মুঠ খালী পদ44 টা পদ
বিভাগএছএডি, অসম
অৰ্হতাস্নাতক
আবেদন প্ৰক্ৰিয়াঅনলাইন
আবেদন মাচুল285.40/- টকা
আৰম্ভণী তাৰিখ১৬ ডিচেম্বৰ ২০২১
অন্তিম তাৰিখ১৬ জানুৱাৰী ২০২২

Assam Secretariat Job Details 2022

অসম সচিবালয় নিযুক্তিৰ সবিশেষ বিৱৰণ তলত দাঙি ধৰা হল-

ষ্টেনোগ্ৰাফাৰ গ্ৰেড-1 (ইংৰাজী): 34 টা পদ
ষ্টেনোগ্ৰাফাৰ গ্ৰেড-1 (ভাষা): 10 টা পদ
শিক্ষাগত অৰ্হতা: প্ৰাৰ্থীয়ে স্বীকৃত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী পৰীক্ষা বা সমতুল্য পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব।
পেছাদাৰী অৰ্হতা: ইংৰাজীত প্ৰতি মিনিটত120 টা শব্দ আৰু অন্যান্য ভাষাত প্ৰতি মিনিটত 100টা শব্দৰ গতি পৰীক্ষাত উত্তীৰ্ণ হব লাগিব ।
দৰমহা: পে বেণ্ড – 4, 30,000/- টকাৰ পৰা 1,10,000/- টকা আৰু গ্ৰেড পে 13,300/- টকা।
বয়স: প্ৰাৰ্থীৰ বয়স ২১ বছৰৰ কম হ'ব নালাগিব আৰু 1 জানুৱাৰী 2021 তাৰিখলৈকে ৩৮ বছৰতকৈ অধিক হ'ব নালাগিব।
বয়সৰ ৰেহাই: উচ্চ বয়সৰ ৰেহাই এনেধৰণৰ হ'ব- অবিচি/এম.ও.বি.চি. : 3 বছৰ, এছটি/এছচি: 5 বছৰ আৰু পিডব্লিউডি: 10 বছৰ ।
আৱেদন মাচুল: যিসকল প্ৰাৰ্থীয়ে এই নিযুক্তিৰ বাবে অনলাইন আবেদন পত্ৰ দাখিল কৰাৰ সিদ্ধান্ত লৈছে তেওঁলোকে আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ আবেদন মাচুল পৰিশোধ কৰিব লাগিব। আবেদন মাচুলৰ পৰিমাণ এনেধৰণৰ হব-

শ্ৰেণীপৰিমাণ
সাধাৰণ/ইডব্লিউএছRs.285.40
এছচি/এছটি/ওবিচি/এম.ও.বি.চি.Rs.185.40
বিপিএলRs.35.40
পিডব্লিউবিডিRs.35.40

অসম সচিবালয়ৰ নিযুক্তিৰ বাবে কেনেদৰে আবেদন কৰিব?

যোগ্য প্ৰাৰ্থীসকলে তলত দিয়া লিংকত ক্লিক কৰি অনলাইন আবেদন দাখিল কৰিবলৈ সক্ষম হ'ব ।  

অসম সচিবালয় নিযুক্তিৰ গুৰুত্বপূৰ্ণ লিংকসমূহ


অফিচিয়েল বিজ্ঞাপন ডাউনলোডইয়াত ক্লিক কৰক
অনলাইন এপ্লিকেচন লিংকClick Here
অফিচিয়েল ৱেবছাইটইয়াত ক্লিক কৰক

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.