এইগৰাকী মহিলাৰ ওপৰত কৰা হ'ল কৰোণাৰ প্ৰথমটো ভেকচিনৰ পৰীক্ষণ । FIRST CORONA VACCINE INJECTED WOMAN

আপোনালোকে সকলোৱে নিশ্বয় গম পাইছে কৰোণা ভাইৰাচে আমেৰিকা ধৰি সমগ্ৰ বিশ্বতে এক সন্ত্ৰাসৰ সৃষ্টি কৰিছে ।তেনে পৰিস্থিতিত আমেৰিকাই ইয়াৰ প্ৰতিশেধক হিচাপে কৰোণা ভাইৰাছৰ ভেকচিন প্ৰস্তুত কৰিবলৈ উঠি পৰি লাগিছে । আমেৰিকাৰ ডাক্তৰে ইতিমধ্যে কৰোণাৰ ভেকচিন এগৰাকী ৪৩ বয়সীয়া মহিলাৰ ওপৰত প্ৰয়োগ কৰিছে । এই মহিলাগৰাকীৰ নাম জেনিফাৰ হেলৰ হয় ।
জানিবপৰা মতে জেনিফাৰ হেলৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত অপাৰেচন মেনেজাৰ হিচাপে কৰ্মৰত । দুটি সন্তানৰ মাতৃ জেনিফাৰ হেলৰয়ে এই ভেকচিনৰ পৰীক্ষাত প্ৰথম ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি গৌৰাম্বিত । আমেৰিকাই দাবী কৰা মতে এই সোমবাৰৰ পৰা তেঁওলোকে কৰণাৰ ভেকচিনৰ ওপৰত পৰীক্ষণ আৰম্ভ কৰিছে আৰু অতি সোনকালে তেঁওলোকে বিশ্বক সুখৱৰ দিব ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.