নিৰ্ভয়াৰ চাৰি অভিযুক্তক ফাচি দিয়া পৱন জাল্লাদে পাব ইমান টকা । জানিবলৈ ক্লিক কৰক । JALLAD PAWAN SALARY

অৱশেষত আজি ৰাতিপুৱা ফাচি দিয়া হল নিৰ্ভয়া কাণ্ডৰ চাৰি অভিযুক্তক । পুৱা ৫.৩০ দিয়া হয় এই ফাঁচী । প্ৰায় ৭ বছৰ পিছত নিৰ্ভয়াৰ পিতৃ মাতৃয়ে লাভ কৰিলে ন্য়ায় । মনকৰিবলগীয়া এই যে নিৰ্ভয়াৰ অভিযুক্তক ফাঁচী দিয়ে পৱন জল্লাদে । তেখেতক মেৰঠ জেলৰ পৰা তিহাৰ জেলেলৈ অনা হয় । ফাঁচীৰ প্ৰায় তিনদিন আগৰ পৰাই ফাঁচীৰ বাবে প্ৰস্তুতি চলাই আহিছিল পৱন জাল্লাদে । এইখিনিতে প্ৰশ্ন হয় ফাঁচিৰ বাবে পৱন জাল্লাদে কিমান টকা লাভ কৰে ?

পৱন জাল্লাদক চৰকাৰী কৰ্মচাৰী হিচাপে মাহিলী ১০ হাজাৰ টকা দিয়া হয় । ইয়াৰোপৰিও এটা ফাঁচীৰ বাবদ যিকোনো জাল্লাদ এজনে লাভ কৰে ৫ ৰ পৰা ১০ হাজাৰ টকা । কিন্তু নিৰ্ভয়াৰ অভিযুক্তৰ বাবে জাল্লাদ পৱনে লাভ কৰিব প্ৰতি ফাঁচীৰ বিনিময়ত ১৫ হাজাৰ টকাকৈ । গতিকে সৰ্বমুঠ ৬০ হাজাৰ টকা এইজন জাল্লাদে লাভ কৰিব নিৰ্ভয়া অভিযুক্তৰ ফাঁচীৰ মাননি হিচাপে ।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.