কৰ'ণা সন্ত্ৰাস : ৩১ মাৰ্চলৈ ভাৰতৰ সকলো ট্ৰেন হব বন্ধ | INIDAN TRAINS TO CLOSE UPTO 25TH MARCH

কৰ'ণাৰ সন্ত্ৰাসে ইতিমধ্য়ে বিশ্বজুৰি এক ভয়লগা পৰিবেশৰ সৃষ্টি কৰিছে । জনসাধাৰণ ইতিমধ্যে ভিতিগ্ৰষ্ট হৈ পৰিছে । কিন্তু সকলোৱে জনা উচিত যে ভয় নাখাই অলপ সতৰ্কতা অৱলম্বন কৰিলেই এই কৰ'ণা ভাইৰাছৰ পৰা ৰক্ষা কৰিব পাৰিব । আমাৰ দেশত আজি জনতা কাৰ্ফিউ ঘোষণা কৰা হৈছে । ৰাইজে ঘৰৰ ভিতৰতে সোমাই এই সন্ত্ৰাসৰ পৰা ৰক্ষা পাবলৈ সতৰ্কতা অৱলম্বন কৰিছে ।ভাৰতীয় ৰেলৱেও এইক্ষেত্ৰত তৎপৰতা অৱলম্বন কৰি বন্ধ কৰিব ওলাইছে ৰেল সেৱা ।

ৰেল বিভাগে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰি অহা ৩১ মাৰ্চলৈকে দেশৰ সকলো ৰে’ল সেৱা বন্ধ কৰিছে । সকলো ষ্টেচন জনশূন্য কৰাৰো লক্ষ্য। বৰ্তমান পথত আছে প্ৰায় ৪০০ ৰে’ল। সেইসমূহ ৰে’ল গন্তব্যস্থান পোৱাৰ পিছত নতুনকৈ কোনো ৰে’লৰ যাত্ৰা নহয়।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.