বাস্তু টিপচ : এইবোৰ বাস্তু দোষৰ বাবেই আপোনাৰ পৰিয়ালত হব পাৰে দৈনিক কাজিয়াৰ কাৰণ Vastu Tips for family quarrel

যি পৰিয়ালত সঘনাই কাজিয়া হয় তেনে পৰিয়ালত বাস্তু দোষৰ সমস্যা দেখিবলৈ পোৱা যায় । এফালে, য'ত পতি-পত্নীয়ে ইজনে সিজনৰ সৈতে কাজিয়া কৰাৰ ফলত ঘৰত অস্থিৰতা আহে আৰু আনফালে  এই কাজিয়াই পৰিয়ালৰ বাকী সদস্যসকলকৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। 

Vastu tips for family problem

কিন্তু কেতিয়াবা কেতিয়াবা একো কথা নোহোৱাকৈ বহুতৰে ঘৰত কাজিয়া হয়, কিন্তু সেই কাজিয়াবোৰৰ আঁৰত কোনো ডাঙৰ কাৰণ নাথাকে। সাধাৰণ সৰু সুৰা কথাতে ডাঙৰ কন্দলৰ সৃষ্টি হয় । আপোনাৰ ঘৰত যদি একে ধৰণৰ সমস্যা আছে, তেন্তে ই নিশ্চিতভাৱে বাস্তু দোষৰ বাবে হ'ব পাৰে। 

পাৰিবাৰিক বিবাদ হ্ৰাস কৰিবলৈ কিছুমান বাস্তু টিপচ

ঘৰৰ উত্তৰ দিশত বাথৰুম বা পাকঘৰ যদি আপোনাৰ আছে তেনে ঘৰত সদায় কাজিয়া হয় । মনত ৰাখিব যে আপোনাৰ ঘৰৰ  উত্তৰ-পূবৰ দিশত বাথৰুম বা পাকঘৰ কেতিয়াও নবনাব। যদি বনোৱা আছে তেন্তে বাস্তু শাস্ত্ৰ অনুসৰি ইয়েই ঘৰৰ কাজিয়াৰ মুখ্য কাৰণ । সেয়েহে সদায়ে উত্তৰ দিশত বাথৰুম বা পাকঘৰ নিৰ্মাণ নকৰাটো নিশ্চিত কৰিবস । যদি আপুনি বাথৰুম বা পাকঘৰ নিৰ্মাণ কৰিব বিচাৰে, তেন্তে দক্ষিণ-পশ্চিম দিশৰ মাজত বনাব পাৰে। '

ষ্ট'ৰ ৰুম (গুডাম ঘৰ) 

সদায়ে মনত ৰাখিব যে ঘৰৰ উত্তৰ-পূব দিশত কেতিয়াও ষ্ট'ৰ ৰুম (গুডাম ঘৰ) নিৰ্মাণ নকৰিব । ইয়াৰ দ্বাৰা ঘৰৰ সদস্যাৰ মাজত উত্তেজনাৰ সৃষ্টি হয়। সদায় ষ্ট'ৰ ৰুম (গুডাম ঘৰ) ঘৰৰ দক্ষিণ-পশ্চিম দিশত হব লাগে। '

বিক্ষিপ্ত সামগ্ৰী বা আৱৰ্জনা 

এটা কথা যাৰ ওপৰত আপুনি অত্যাধিক গুৰুত্ব দিয়া উচিত সেয়া হ'ল আপুনি কেতিয়াও ঘৰৰ উত্তৰ দিশত আৱৰ্জনা লেতেৰা আদি পেলোৱা উচিত নহয়। আপুনি উত্তৰ দিশটো যিমান সম্ভৱ পৰিষ্কাৰ ৰাখিবলৈ চেষ্টা কৰা উচিত | 

জোতা চেন্দেল

যদি আপুনি উত্তৰ দিশত আপোনাৰ জোতা খুলি ৰাখে তেন্তে এইটোও ঘৰৰ বাবেও শুভ নহয়। ইয়াৰ ফলত ঘৰত সঘনাই কাজিয়া হোৱাৰ সম্ভাৱনাও হয়।  সদায় জোতা আৰু চেন্দেল খুলি ঘৰৰ আলমাৰীৰ ভিতৰত বন্ধ কৰি ৰাখিব লাগে।

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/09/vastu-tips-for-family-quarrel.html 

বিঃদ্ৰঃ উক্ত লেখা ইন্টাৰনেটৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ওপৰত আধাৰিত। 

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.