থাইৰয়ডৰ সমস্যা ? থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে কেইটামান প্রাকৃতিক তথা ঘৰুৱা দিহা | Thyroid Problem Solutions

থাইৰয়ড গ্ৰন্থি আমাৰ গলৰ আগৰ শ্বাসনলীত থাকে আৰু ইয়াৰ আকাৰ পখিলাৰ দৰে হয় ৷ থাইৰয়ড গ্রন্থি সাধাৰণত দুই ধৰণৰ হৰমোন নিঃসৰণ কৰে। ১) ট্রাই-আয়োডোথাইৰোনিন(T3) ২) থাইৰক্সিন(T4) থাইৰয়ড হৰম’ন প্ৰয়োজনতকৈ কম ক্ষৰণ হ’লে ইয়াক ‘হাইপ’থাইৰয়ডিজম’ আৰু প্ৰয়োজনতকৈ অধিক নিঃসৰণ হ’লে ইয়াক ‘হাইপাৰথাইৰয়ডিজম’ বুলি কোৱা হয়।

thyroid problem solution in assamese

থাইৰয়ড নিয়ন্ত্ৰণত নাথাকিলে বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে যেনে অকাৰণত উজন বঢ়া * ভাগৰ লগা *মাতৰ পৰিবৰ্তন *চেহেৰা/ভৰি ফুলা * চুলি সৰা * কোষ্ঠ্যকাঠিন্য * টোপনি অহাত অসুবিধা * ৰুক্ষ শুকান চুলি * শুকান খহটা চাল * মাংসপেশীত এন্ঠন আৰু মাংসপেশীত বাৰে বাৰে বিষ হোৱা * খিঙখিঙীয়া হোৱা * মনত নথকা * মাহেকীয়া অনিয়মীয়া * যৌন ইচ্ছা কমি যোৱা * চৰ্দী বা জ্বৰ ঘনাই হৈ থকা * শক্তিহীনতা আদি ।

সেয়হে আমি থাইৰয়ড নিয়ন্ত্ৰণ কৰি ৰখাটো যথেষ্ট গুৰুত্বপূৰ্ণ । থাইৰয়ড নিয়ন্ত্ৰণৰ বাবে  প্রাকৃতিক তথা ঘৰুৱা দিহা কেইটামান তলত উল্লেখ কৰা হল ।

Thyroid Control Tips

# ৰাতিপুৱা এগিলাচ জাতিলাওৰ ৰস খাব লাগে। এই  ৰস খোৱাৰ আধা ঘন্টাৰ পিছতহে অন্য খাদ্য খাব লাগে।

# এচামুচ  অশ্বগন্ধা চূৰ্ণ কুহুমীয়া গৰম গৰুৰ গাখীৰ লগত ৰাতি শোৱাৰ সময়ত খাব লাগে। নতুবা অশ্বগন্ধা গছৰ পাত আৰু শিপা খুন্দি পানীৰ লগত উতলাই খাব লাগে। 

# দুচামুচ তুলসীৰ ৰসৰ লগত আধা চামুচ এল'ভেৰাৰ ৰস মিলাই খাব লাগে। # ধনীয়া পাত পিচি এগিলাচ কুহুমীয়া গৰম পানীৰ লগত ৰাতি শোৱাৰ সময়ত খাব লাগে।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

# প্রতিদিনে এচামুচ ত্রিফলা চূৰ্ণ কুহুমীয়া পানীৰ লগত মিলাই খাব লাগে। 

# এগিলাচ  গাখীৰত হালধী ৰস বা ঘৰত তৈয়াৰ কৰা হালধীৰ গুড়ি মিহলাই গৰম কৰি ৰাতি খাব লাগে। 

# আধা চামুচ জালুক গুড়ি  আৰু আধা চামুচ শুকান আদা গুড়ি এগিলাচ কুহুমীয়া গৰম পানীৰ লগত খাব লাগে।

# নিয়মীয়াকৈ গাজৰৰ ৰস এগিলাচ খাব লাগে। 

# আদাৰ ৰস আৰু মৌ মিহলাই খাব লাগে। 

#  আধা চামুচ আদাৰ ৰস, আধা চামুচ ধনীয়া গুটি আৰু এটুকুৰা ডালচেনি দি চাহ বনাই খালে সুফল পোৱা যায়।

# নিয়মীয়াকৈ দৈ খালে থাইৰয় নিয়ন্ত্ৰণত  থাকে। 

# এপেল সাইডাৰ ভিনেগাৰ পানীৰ লগত মিলাই খাব লাগে। 

# ৰঙা পিয়াজ কাটি থাইৰয়ড গ্ৰন্থিৰ আশে পাশে মালিচ কৰিব লাগে। ৰাতি এনেদৰে মালিচ কৰি ৰাতি শুই থাকিলে ভাল। নহ'লে  যিমান সময় পাৰে সিমান সময় ৰৈ থকা ভাল। মাজে মাজে খাদ্যত নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰিলে ভাল, প্রচুৰ পৰিমানে ব্রাক্ষী শাক খাব লাগে ।

# স্কোৱাছ ,গাজৰ ,ঢেকীয়া ,খুতৰা ,মাটিকাদুৰি ,কাচকল এলমণ্ড,বিলাহী, ভিটামিন , আয়ডিন , প্ৰটিন, মিনাৰেল যুক্ত খাদ্য,উখোৱা চাউলৰ ভাত, ৰঙালাউৰ গুটি, কনী, নাৰিকল, তিচি গুটি, জালুক, গুৰ ,আমলখি ,নাটচ জাতীয় খাদ্য , অমেগা-3 ফেটি এচিড যুক্ত মাছ আৰু সামগ্ৰী আদি  খাব লাগে। 

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

ইয়াৰোপৰিও ব্যায়াম, প্ৰাণায়াম, খোজকঢ়া, চাইকেল চলোৱা আদি অভ্যাস কৰিব লাগে। সময় থাকোতেই  থাইৰয়ডৰ প্রতিকাৰৰ প্রয়োজন নহ'লে ই এক গম্ভীৰ সমস্যা হৈ পৰে।

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/10/blog-post.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.