চাণক্য নীতি : যদি ধনী হ'ব বিচাৰে তেন্তে আজিৰ পৰা মানি চলক এই 5 টা নীতি Chanakya Niti in Assamese

Chanakya Niti in Assamese

আচাৰ্য চাণক্যৰ কথা আমি বহুতেই জানো । তেখেত এজন খুব জ্ঞানী ব্যক্তি হোৱাৰ লগতে এজন ভাল নীতিকাৰকও আছিল। এই নীতি সমূহৰ মাজেৰে তেঁও কিদৰে এজন মানুহে নিজৰ জীৱন সুখী কৰি তুলিব পাৰে তাৰ বাবেও বহু গুৰুত্বপূৰ্ণ কথা কৈ গৈছে। আচাৰ্য চাণক্যৰ নীতিসমূহ অতি কাৰ্যকৰী বুলি গণ্য কৰা হয় কিয়নো তেওঁৰ নীতিৰ বলতেই চন্দ্ৰগুপ্ত মৌৰ্য এটি সাধাৰণ শিশুৰ পৰা সম্ৰাটলৈ পৰিগণিত হৈছিল।

Chanakya Niti to rich in assamese

বিশ্বাস কৰা হয় যে যদি এজন ব্যক্তিয়ে আচাৰ্য চাণক্যৰ নীতি অনুসৰণ কৰে, তেন্তে তেওঁ কেতিয়াও  জীৱনত অসুবিধাৰ সন্মুখীন নহয়। এই আচাৰ্য চাণক্যয়েই ব্যাখ্যা ক্যৰিছিল যদি এজন ব্যক্তি ধনী হ'ব বিচাৰে, তেন্তে তেওঁ সদায় এই 5 টা বস্তুৰ যত্ন লোৱা উচিত।সেই পাঁচটা বস্তু কি কি জানো আহক -

5 Chanakya Niti in Assamese

ধন সঞ্চয় : আচাৰ্য চাণক্যই বিশ্বাস কৰে যে এজন ব্যক্তি যিমানেই ধনী নহওঁক বা যিমানেই ইনকাম নকৰক  কিয় তেওঁ সদায় ধন সঞ্চয় কৰা উচিত। কাৰণ এই সঞ্চয় কৰা ধনেই এদিন এজন ব্যক্তিৰ বেয়া সময়ত কামত আহিব।আচাৰ্য চাণক্যই বিশ্বাস কৰিছিল যে বেয়া সময় আৰু বেমাৰ এই দুটা বস্তু এজন ব্যক্তিৰ জীৱনৰ যিকোনো সময়তে দেখা দিব পাৰে। 

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

থকা স্থান: আচাৰ্য চাণক্যই বিশ্বাস কৰে যে এজন ব্যক্তি সদায় এনে স্থানত থাকিব লাগে য'ত তেওঁ নিৰন্তৰ অগ্ৰগতি লাভ কৰে আৰু যত এক সঠিক শিক্ষা আৰু চিকিৎসা ব্যৱস্থা আছে, লগতে এনেকুৱা স্থান যত সন্মানীয় লোকসকলে বাস কৰে। কিয়নো এনে ঠাইত বাস কৰা ব্যক্তিসকল সোনকালে সমস্যাত নপৰে। 

ধনৰ লোভ: আচাৰ্য চাণক্যই বৰ্ণনা কৰিছে যে যদি এজন ব্যক্তিয়ে যদি তেওঁৰ জীৱনত ধনী হ'ব বিচাৰে, তেন্তে তেওঁ কেতিয়াও ধনৰ দ্বাৰা প্ৰলোভিত হোৱাটো উচিত নহয়। কাৰণ কেতিয়াবা লোভে  ভুল কাম কৰিবলৈ অনুপ্ৰাণিত কৰে। 

ধন দান: আচাৰ্য চাণক্যৰ অনুসৰি এজন মানুহে সদায় দান কৰা উচিত। আপুনি বিচাৰিলে আপোনাৰ উপাৰ্জনৰ এটা অংশ  দুখীয়া আৰু দৰিদ্ৰ পৰিয়ালক দান কৰিব পাৰে। ই ঈশ্বৰকো সন্তুষ্ট কৰে।

লগতে পঢ়ক -  গৰম পানীত ভৰি ডুবাই পাওক এইকেইটা সমস্যাৰ পৰা মুক্তি 

নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰক: আচাৰ্য চাণক্যয়ে ব্যাখ্যা কৰা অনুসৰি লক্ষ্য নোহোৱা ব্যক্তি এজনে কেতিয়াও তেওঁৰ জীৱনত সফল হব নোৱাৰে। এনে পৰিস্থিতিত, যদি আপুনি ধনী হ'ব বিচাৰে, তেন্তে আপুনি আপোনাৰ লক্ষ্য নিৰ্ধাৰণ  কৰি  জীৱনত আগবাঢ়িব লাগিব ।

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/11/5-chanakya-niti-in-assamese.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."


Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.