কাৰোবাক বিশ্বাস কৰাৰ আগতে জানি লওক এই ৩ টা কথা নহলে হব লাগিব অনুতপ্ত Chanakya Niti to find a true believer

আচাৰ্য চাণক্যৰ কথা আমি বহুতেই জানো ।  আচাৰ্য চাণক্যৰ নীতিসমূহ অতি কাৰ্যকৰী বুলি গণ্য কৰা হয় কিয়নো তেওঁৰ নীতিৰ বলতেই চন্দ্ৰগুপ্ত মৌৰ্য এটি সাধাৰণ শিশুৰ পৰা সম্ৰাটলৈ পৰিগণিত হৈছিল।আচাৰ্য চাণক্যৰ নীতিবোৰ কঠোৰ যেন লাগিব পাৰে, কিন্তু জীৱনৰ সত্যতা হৈছে কঠোৰতা। কাৰণ জীৱনত সফলতা লাভ কৰিবলৈ হলে আমি সকলো ক্ষেত্ৰতে কঠোৰ হবই লাগিব।

Chanakya Niti in Assamese

মন কৰিবলগীয়া এই যে চাণক্যৰ নীতিসমূহ বৰ্তমানো প্ৰাসংগিক। ব্যস্ত জীৱনত চাণক্যৰ কঠোৰ শব্দই জীৱনৰ প্ৰতিটো দিশ বুজাত সহায় কৰে। চাণক্যৰ নীতিসমূহৰ অনুসৰি এজন ব্যক্তিক বিশ্বাস কৰাৰ আগতে তেওঁৰ বিষয়ে তিনিটা কথা জনাটো প্ৰয়োজন। 

আচাৰ্য চাণক্যৰ অনুসৰি এজন ব্যক্তিক বিশ্বাস কৰাৰ আগমুহুৰ্তত প্ৰথমে তিনিটা কথা ধ্যান ৰখা উচিত । এই তিনিটা বস্তু হৈছে আপোনাৰ হাঁহিৰ মাজত সুমাই থকা বেদনা, আপোনাৰ খঙৰ মাজত সুমাই থকা মৰম  আৰু আপোনাৰ নীৰৱতাৰ কাৰণ। আচাৰ্য চাণক্যৰ অনুসৰি যদি আপুনি কাৰোবাক বিশ্বাস কৰে তেন্তে আপুনি প্ৰথমে নিশ্চিত কৰিব সেই মানুহজনে আপোনাৰ এই তিনিটা কাৰণৰ বিষয়ে জানে নে নাই ।

লগতে পঢ়ক -  বাস্তু শাস্ত্ৰ আৰু লাল কিতাপ অনুসৰি আইতাৰ ঘৰুৱা বিধান | 

কাৰোবাৰ ওপৰত বিশ্বাস গঢ়িবলৈ কেতিয়াবা বহু বছৰ লাগি যায় কিন্তু সেই বিশ্বাস ভংগ হবলৈ মাত্ৰ এক মিনিটেই যথেষ্ট। আপুনি বিশ্বাস কৰা জনেও জানিব লাগে যে যেতিয়া আপুনি খং কৰে, ইয়াৰ আঁৰত এটা নিশ্চয় কাৰণ নিহিত থাকে । ইয়াৰ উপৰিও তেখেতে আপোনাৰ নীৰৱতাৰ কাৰণও জানিব লাগিব। তেওঁ জানিব লাগে কিহে আপোনাক দুখী কৰিব পাৰে। যিজন ব্যক্তিয়ে আপোনাৰ এই তিনিটা কথা ভালদৰে জানে তেওঁ আপোনাৰ প্ৰকৃত বন্ধু আৰু তেওঁক অন্ধভাৱে বিশ্বাস কৰিব পাৰে। সেয়েহে আচাৰ্য চাণক্যই কৈছে, "আপোনাৰ এই তিনিটা কথা যিজনে জানে তাক বিশ্বাস কৰক...সেইয়া হৈছে আপোনাৰ হাঁহিৰ আঁৰৰ বেদনা, খঙৰ আঁৰৰ মৰম আৰু আপোনাৰ নীৰৱতাৰ কাৰণ।

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/11/chanakya-niti-to-find-true-believer.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."


Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.