অবিশ্বাস্য ! মাটিৰ দ্বাৰা নিৰ্মিত এই বস্তুবোৰে আপোনাৰ ভাগ্য কৰি তুলিব উজ্জ্বল - জানো আহক Use Clay material to change your fortune

বাস্তুৰ মতে, এই মাটিৰ সামগ্ৰীবোৰ ঘৰলৈ আনিব, আপোনাৰ ভাগ্য জিলিকি উঠিব

অতীজত আমাৰ প্ৰায় মানুহৰ ঘৰত মৃৎশিল্পৰ সামগ্ৰীসমূহ ব্যৱহাৰ কৰা হৈছিল। খাদ্য খোৱাৰ পৰা আৰম্ভ কৰি পানীলৈকে আদি সকলোতে  মৃৎশিল্পৰ সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল । বৰ্তমান, মৃৎশিল্পৰ সলনি ধাতু বা প্লাষ্টিকৰ বাচন-বৰ্তন কৰা হৈছে। কিন্তু আপুনি জানেনে যে মৃৎশিল্পৰ গুৰুত্ব আৰু লাভালাভৰ সম্পৰ্কে বাস্তু শাস্ত্ৰত বৰ্ণনা কৰা হৈছে। 

Use Clay material to change your fortune


বাস্তু শাস্ত্ৰত মাটিৰে নিৰ্মিত কিছুমান বস্তুৰ কথা উল্লেখ আছে যিয়ে আপোনাক ভাগ্যৱান কৰিব পাৰে।  আপুনিও এই বস্তুবোৰ আপোনাৰ ঘৰলৈ আনি আপোনাৰ ভাগ্য উজ্জ্বল কৰিব পাৰে। গতিকে  বস্তুবোৰ কি কি জানো আহক -

১. মাটিৰ কলহ

বৰ্তমান সময়ত মাটিৰ কলহৰ ঠাই ফ্ৰিজে দখল কৰিছে । মাটিৰ পাত্ৰৰ পানী স্বাস্থ্যৰ বাবেও উপকাৰী বুলি বিবেচিত কৰা হয়। একে সময়তে, বাস্তু শাস্ত্ৰ অনুসৰিও মাটিৰ কলহে আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আনিব পাৰে। বাস্তু শাস্ত্ৰৰ মতে, ঘৰত উত্তৰ দিশত মাটিৰ কলহ এটা ৰাখিব লাগে। মন কৰিব যাতে কলহটো সদায় পানীৰে ভৰি থাকে। কোৱা হয় যে এনে কৰিলে নেতিবাচকতাৰ সমাপ্তি ঘটে আৰু জীৱনলৈ সুখ আৰু সমৃদ্ধিৰ আগমন হয় ।

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

২.মাটিৰ চাকি

মানুহে সাধাৰণতে পূজা ঘৰত আজিকালি অত্যাধুনিক চাকি ব্যৱহাৰ কৰে। কিন্তু বাস্তু শাস্ত্ৰৰ মতে, মাটিৰে নিৰ্মিত চাকি জ্বলোৱাটো শুভ। কোৱা হয় যে এনে কৰিলে ঘৰলৈ  সুখ আৰু সমৃদ্ধি আহে। যদি এখ্ন ঘৰত দুৱাৰত আৰু তুলসীৰ তলত প্ৰতিদিনে মাটিৰ চাকি জ্বলোৱা হয়, তেন্তে ঘৰখনত সদায় সুখ আৰু সমৃদ্ধি থাকে।

লগতে পঢ়ক -    চাণক্য নীতি - কাৰোবাক বিশ্বাস কৰাৰ আগতে জানি লওক এই ৩ টা কথা 

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/11/5-chanakya-niti-in-assamese.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.