ৰাতি শুবলৈ যোৱাৰ আগতে লগাওক, ৰাতিপুৱা উঠি চাওক চমৎকাৰ ! দুগুণ বৃদ্ধি পাব সৌন্দৰ্য | skin bright tips

মুখমণ্ডলৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ বাবে টোনাৰ যথেষ্ট উপকাৰী। টোনাৰ ব্যৱহাৰ কৰিলে ছালৰ খোলা ছিদ্ৰবোৰ হ্ৰাস হয় আৰু লগতে ছাল টান হয়। টোনাৰৰ ব্যৱহাৰে কলা দাগ, পিম্পল, ছাল শেতা পৰা আদি ৰোধ কৰিব পাৰে। বজাৰত বিভিন্ন ধৰণৰ ফেচ টোনাৰ পোৱা যায় । পিছে আজি আমি আপোনাক ঘৰতেই প্ৰস্তুত কৰিব পৰা হালধি টোনাৰৰ  বিষয়ে জনাম যাক ব্যৱহাৰ কৰিলে আপুনি ৰাতিতোৰ ভিতৰতেই ফলাফল দেখা পাব পাৰে ।

skin bright tips

হালধি টোনাৰ কিদৰে প্ৰস্তুত কৰিব

উপাদানসমূহ

কেঁচা হালধিৰ ৰস - 2  চামুচ

পানী - 1 কাপ

গ্ৰীণ টি - 4 চামুচ

গোলাপজল - 1  চামুচ

নেমুৰ ৰস - 1  চামুচ

এলোভেৰা জেল - 3  চামুচ

হালধি টোনাৰ প্ৰস্তুত কৰিবলৈ পোনপ্ৰথমে কেৰাহীত পানী যোগ দি উতলাই লওক আৰু পাছত এই পানীখিনি ঠাণ্ডা হবলৈ দিয়ক । পানীখিনি ঠাণ্ডা হোৱাৰ পিছত উপৰত উল্লেখ কৰা উপাদানসমূহ যোগ দিয়ক। পাছত মিশ্ৰণখিনি এটা স্প্ৰে বটলত ৰাখি ৰেফ্ৰিজেৰেটৰত ৰাখক। এইদৰে প্ৰস্তুত কৰা হালধি টোনাৰ পোন্ধৰ দিনলৈ আপুনি ব্যৱহাৰ কৰিব পাৰে, তাতকৈ অধিক দিন ব্যৱহাৰ নকৰিব । 

নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক

হালধি স্প্ৰে ব্যৱহাৰ কৰোঁতে এই বস্তুবোৰ মনত ৰাখিব

আপুনি সতেজ টোনাৰ ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ দ্বাৰা আপুনি ইয়াক সহজে 15 দিনৰ বাবে ব্যৱহাৰ কৰিব পাৰে। ইয়াক দীঘলীয়া সময়ৰ বাবে ব্যৱহাৰ কৰা পৰিহাৰ কৰিব। আপুনি দিনত 2-3 বাৰ হালধি টোনাৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু ইয়াক অধিক ব্যৱহাৰ নকৰিব। এইদৰে আপুনি দিনত দুইবাৰকৈ বিশেষকৈ ৰাতিপুৱা আৰু ৰাতি শুৱলৈ যোৱাৰ আগতে ইয়াক ব্যৱহাৰ কৰি ফলাফল চাব পাৰে।

লগতে পঢ়ক -  বাস্তু শাস্ত্ৰ আৰু লাল কিতাপ অনুসৰি আইতাৰ ঘৰুৱা বিধান | 

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/11/skin-bright-tips.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.