অসমৰ ডাকঘৰত খালী হোৱা 40889 টা টা পদত কি কি কাম কৰিব লাগিব - জানো আহক ASSAM POSTAL JOB 2020

 বন্ধুসকল ইতিমধ্য়ে আপোনালোকে গম পাইছে যে সমগ্ৰ অসমতে ডাকঘৰসমূহত ভাৰতৰ 40889 টা  খালী পদৰ মুঠ ১১৪৩ টা পদ মুকলি হৈছে । যদি আপুনি আবেদন কৰিব বিচাৰে তেন্তে ইয়াত ক্লিক কৰক - CLICK HERE । বন্ধুসকল আজি আমি আপোনালোকক জনাম খালী হোৱা পদসমূহ কেনেধৰণৰ পদ আৰু এই পদত আপুনি যদি চাকৰি লাভ কৰে তেন্তে কি কি কৰিব লাগিব ।

GDS job role in Assameseি

ভাৰতীয় ডাকৰ অন্তৰ্গত এই পষ্টঅফিচ সমূহ গাও অঞ্চলত অৱস্থিত । সেয়হে ইয়াত চাকৰি কৰা সমূহক গ্ৰামীণ ডাক সেৱক বুলি কোৱা হয় । গ্ৰামীণ ডাক সেৱকসকলে ৪-৫ ঘন্টা দৈনিক কাম কৰিব লাগে আৰু সেইয়া আপোনাৰ অফিচ অনুসৰি নিৰ্ধাৰণ কৰা হয় । যিহেতু দৈনিক ৪-৫ ঘন্টাৰহে কাম গতিকে আপুনি আৰু বেলেগকৈ কাম কৰাৰ সুবিধা এটা থাকে ।গাৱ অঞ্চলৰ ডাকঘৰ সমূহক ব্ৰাঞ্চ অফিচ বুলি কোৱা হয় যত গ্ৰামীণ ডাক সেৱকসকলক নিযুক্তি দিয়া হয় । এটা ব্ৰাঞ্চ অফিচত মুঠ ৩ টা পদ থাকে । সেইয়া হৈছে - BPM (ব্ৰাঞ্চ পষ্ট মাষ্টৰ) , ABPM (এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টৰ) আৰু ডাক সেৱক (পিয়ন) ।

BPM (ব্ৰাঞ্চ পষ্ট মাষ্টৰ):

  • এটা ব্ৰাঞ্চ অফিচৰ সকলো দায়িত্ব থাকে ব্ৰাঞ্চ পষ্ট মাষ্টাৰৰ ওপৰত । 
  • ব্ৰাঞ্চ পষ্ট মাষ্টাৰৰ সকলো বিত্তীয় কাম কাজ কৰাৰ দায়িত্ব থাকে । 
  • পষ্ট অফিচৰ বিভিন্ন আচনি যেনে চেভিং একাউন্ট, ফিক্স ডিপজিট আদি খোলাৰ দায়িত্ব লগতে পইচা জমা লোৱাৰ দায়িত্ব থাকে ব্ৰাঞ্চ পষ্ট মাষ্টাৰৰ ওপৰত । 
  • ইয়াৰ ওপৰিও চৰকাৰী আচনি যেনে সুকন্য়া আচনি আদি ৰাইজক বুজাই একাউন্ট খোলাৰ দায়িত্ব থাকে ব্ৰাঞ্চ পষ্ট মাষ্টাৰৰ ওপৰত । 
  • ব্ৰাঞ্চ পষ্ট মাষ্টাৰৰ আন কিছুমান কাম হল- মানি অৰ্ডাৰ বুক কৰা,  স্পিড পষ্ট, ৰেজিষ্টাৰ পষ্ট আদি বুক কৰা ।
  • দৰমহা প্ৰায় ১৪০০০ টকা ।

 ABPM (এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টৰ) 

  • এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টৰৰ দায়িত্ব হল ব্ৰাঞ্চ পষ্ট মাষ্টৰক সহায় কৰা । 
  • ইয়াৰ উপৰিও পষ্ট মাষ্টাৰে দৈনিক কাম-কাজৰ খাতিয়ান ছাব অফিচলৈ পঠিয়াব লাগে সেইয়া অনা নিয়া কৰে এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টৰে ।
  • দৰমহা প্ৰায় ১১০০০ টকা  ।

 ডাক সেৱক (পিয়ন) 

  • ডাক সেৱক (পিয়ন)ৰ দায়িত্ব হল চিঠি পত্ৰ বিতৰণ কৰা । 
  • ইয়াৰ উপৰিও নতুন আইপিপিবিৰ একাউন্ট খোলা দায়িত্ব থাকে ডাক সেৱক (পিয়ন)ৰ ওপৰত ।  
  • দৰমহা প্ৰায় ১১০০০ টকা  ।

আপুনি কি কৰিব-

বহুতে এই চাকৰিটো কৰিব নিবিচাৰে কাৰণ দৰমহা নিচেই কম । হয় ৪ ঘন্টা কাম কৰি ১৪০০০ দি আছে কিন্তু প্ৰাইভেটত ১০ ঘন্টা কৰিলেও ২০০০০ নিদিয়ে । আটাইতকৈ ডাঙৰ সুবিধাটো হল ৫ বছৰ পিছত আপুনি ডিপাৰমেন্টেল পৰীক্ষা দি প্ৰমোচন লাভ কৰিব পাৰে আৰু তেতিয়া আপোনাৰ দৰমহা হৈ পৰিব ৪০০০০ অধিক । গতিকে এবাৰ ভাবি চাব । আৰু কৈ থও যিহেতু এই চাকৰিৰ বাবে কোনো ধৰণৰ পৰীক্ষা নহয় গতিকে মেট্ৰিকৰ মাৰ্কচ খিনিয়ে আপোনাৰ চাকৰি পোৱা নোপোৱাটো নিৰ্ধাৰণ কৰিব ।
Tags

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.