সোমবাৰে বহু যুৱতী-মহিলা কিয় উপবাসে থাকে ? সোমবাৰৰ ব্ৰত ৰাখিলে কি কি সুফল পোৱা যায় ? জানো আহক Religious Studies

ৰাইজ শাওন মাহৰ সোমবাৰৰ ব্ৰত কোনে কোনে ৰাখিছে আজি ?সকলো ধৰ্মতে বেলেগ বেলেগ ধৰণে ব্ৰত ৰখা হয় । কিন্তু সকলো ধৰ্মৰ উদ্দেশ্য একেটাই । ব্ৰত ৰখাতো বিজ্ঞান সন্মত । কিন্তু ভুলকৈ ব্ৰত ৰাখিলে শৰীৰৰ অপকাৰহে হয় । 

religious studies

এতিয়া শাওন মাহ । শাওন মাহটো আমাৰ হিন্দু ধৰ্মৰ মানুহ খিনিৰ কাৰণে বৰ পবিত্ৰ । গতিকে ব্ৰত ৰখা বিষয়ত মই যি অকনমান জানো তাকে আপোনালোকৰ লগত ভাগ বতৰা কৰো বুলি ভাবিলো । কৰ্ম কৰিলেহে ফল পায় , ব্ৰত ৰাখি নহয় । এইটো সকলোৱে জনা কথা ।মই ব্যক্তিগতভাবে

ব্ৰত ৰখা আধ্যাত্মিক কাৰণ কেইটা এনেকুৱা বুলি ভাবো 

👉 ব্ৰত ৰখা মানে হৈছে জীৱনত যিখিনি পাইছো তাৰবাবে ঈশ্বৰক ধন্যবাদ দিয়া আৰু মনলৈ অহংকাৰ ভাব আহিব নিদিয়া।
 👉 আমিতো সদায় কিবা কিবি খায়ে থাকো । ব্ৰত ৰখাৰ যোগেদি আমি এদিন অলপ কম কৈ খায় কোনোবা দুখিয়া ব্যক্তিৰ ভোক নিবাৰণ কৰিবলৈ চেষ্টা কৰা ।
 👉ব্ৰত ৰখা মানে ঈশ্বৰৰ পৰা কিবা খোজা বা পাপ খণ্ডন কৰাৰ বাবে প্ৰাৰ্থনা কৰা নহয় । ব্ৰত ৰখা মানে হৈছে আত্মা আৰু শৰীৰৰ শুদ্ধি কৰা।
 👉 যেতিয়া আমি ব্ৰত ৰাখো তেতিয়া মনলৈ ধনাত্মক শক্তি কিছুমান আহে ।
👉 ব্ৰত ৰাখোতে গ্ৰহণ কৰা লঘু আহাৰৰ আৰু পানীৰ যোগেৰে শৰীৰৰ অংগ প্ৰত্যংগ বোৰৰ শোধন কৰা হয়।
 👉ব্ৰত ৰখাৰ সময়ত মন্দিৰত গৈ পূজা কৰা নকৰাতো সম্পূৰ্ণ নিজৰ কথা । গীতাত লিখা আছে :- শুদ্ধ মনেৰে ধূপ এডাল দিলেও ঈশ্বৰ সন্তষ্ট হয় বুলে ,আকৌ আনক দুখ কষ্ট দি মন্দিৰত গৈ পূজা কৰিলেও ভগৱান সন্তুষ্ট নহয় বুলে ।
 👉হিন্দু ধৰ্ম মতে ব্ৰত ৰাখিলে হবিচ ভাত নাখায় । কাৰণ মৃত ব্যক্তিৰ কাৰণে ব্ৰত ৰাখিলেহে হবিচ ভাত খায় । ঈশ্বৰৰ নামত ব্ৰত ৰাখিলে কম তেল ,মছলা নিদিয়াকৈ নিৰামিষ ভাত খাব পাৰি বেলি দুবাৰ পাছত ।

ব্ৰত ৰাখিলে কি কি খাম, কি কি নাখাম 

🕉আমাৰ শৰীৰ ভিতৰত থকা অংগ প্ৰত্যংগ বোৰক জিৰণি দিবৰ বাবে ব্ৰত ৰখা হয় । আমি সদায় কিবা কিবি খায়ে থাকো , গতিকে শৰীৰৰ ভিৰতৰৰ অংগবোৰে কেতিয়াও জিৰণি নাপায় । ব্ৰত ৰাখিলে আমি পানী, ফলমুল,ওটচ আদি লঘু আহাৰ হে খাও । লঘু আহাৰ হজম হওতে বেছি সময় নালাগে । সেইবাবে সেইদিনা আমাৰ লিভাৰ, কিডনি আদিয়ে অইন দিনতকৈ বহু পৰিমাণে জিৰণি পায় ।
🕉আমাৰ শৰীৰৰ বাহিৰটো যেনেকৈ লেতেৰা হয় ।শৰীৰৰ ভিতৰ ভাগও লেতেৰা হয় । ব্ৰত ৰাখিলে শৰীৰৰ ভিতৰ ভাগ পৰিস্কাৰ হয় ।
🕉ব্ৰত ৰখা মানে ভোকত থকা নহয় । অলপ অলপকৈ কেইবা বাৰো লঘু আহাৰ আৰু পানী খাই শৰীৰৰ ভিতৰ ভাগ পৰিস্কাৰ কৰা।
🕉 ৰুগীয়া শৰীৰে ৰে কেতিয়াও ব্ৰত ৰাখিব নালাগে । গৰ্ভৱতী নাৰী সকলেও ব্ৰত ৰাখিব নালাগে ।
🕉ব্ৰত ৰখা দিনটোত বেছি কষ্টকৰ কাম, exercise আদি কৰিব নালাগে ।
🕉ৰাতিপুৱাৰ পৰা সন্ধিয়া আন্ধাৰ নোহোৱালৈ ফল মুল, বুট মগু, ওটচ আৰু যথেষ্ট পৰিমাণে পানী আদি খাব পাৰিলে ভাল । কিন্তু ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ নিমখ খাব নালাগে । ব্ৰত ৰখাৰ সময়ত নিমখ খাব নাপায় বুলি কয় । ইয়াৰ এটা বৈজ্ঞানিক কাৰণ হৈছে নিমখ খালে শৰীৰে বেছি পানী ধৰি ৰাখে তাৰ ফলত শৰীৰতো ভালদৰে পৰিস্কাৰ নহয়।
🕉 ব্ৰত ৰখাৰ সময়ত বুট-মগু আদি আহ থকা খাদ্য এই কাৰণে খোৱা হয় , তেতিয়া পেটৰ ভিতৰৰ নাৰী-ভুৰিত থকা দূষিত ক'লন সমুহ ওলায় যোৱাত সহায় হয় ।
🕉 ব্ৰত ৰখা দিনটোত নহৰু, পিয়াজ, মচুৰ দাইল, মাহৰ দাইল, মাছ, মাংস , কণী , মা মছলা আদি খাদ্য খাব নালাগে । কাৰণ এইবোৰ খাদ্য হজম হওতে বহুত সময় লাগে
🕉 ব্ৰত ৰাখাৰ সময়ত চাহ,কফি আদি খোৱাতকৈ পানী , ডাবৰ পানী আদি জুলীয়া খাদ্য খোৱাতো হে ভাল ।
🕉 যদি কোনোবায় কিবা অসুবিধাৰ বাবে ব্ৰত ৰাখিব নিবিচাৰে তেতিয়া পাৰিলে সেই দিনটোত নিৰামিষ আৰু সিদ্ধ খাদ্য খাব পাৰিলে ভাল ।
🕉 যদি ব্ৰত ৰাখি থাকোতে বেছি গা বেয়া লাগে বা ব্ৰত ৰাখিব কষ্ট পায় আধাতে ব্ৰত ভাঙিব পাৰে । একো কথা নাই । 🕉 বহুতে ব্ৰত ৰাখিলে সেইদিনটোত ভাত নাখায় । কিছুমানে সন্ধিয়া সিদ্ধ ভাত খায় । আমি ভাত খাম নে নাখাম সেইটো আমাৰ নিজৰ কথা। যদি ভাত খাও সন্ধিয়া ৭ বজাৰ আগতে খাব পাৰি । ভাতৰ পৰিমাণতো অলপ কমায় লগত দাইল, চবজি আদি খাব পাৰিলে ভাল । ভাত বহুত বেছি পেট ভৰাই নাখায় আৰু তিনি গৰাহ মান খাব পৰাকৈ পেটত ঠাই থাকিব পৰাকৈ খাব পাৰিলে ভাল ।
**অতি বেছি ব্ৰত ৰখাও শৰীৰৰ বাবে বেয়া। সপ্তাহত এদিন বা এমাহত দুবাৰমান ৰাখিলে হৈ যায় ।**
বি.দ্ৰ. : নিয়মিতভাৱে স্বাস্থ সম্পৰ্কীয় টিপছ পাবলৈ লেখিকা প্ৰিয়ংকাৰ ফেচবুক পেজটো লাইক কৰক - Priyanka's healthy life

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.