শাওণ মাহৰ এইকেইটা কামে সলনি কৰিব আপোনাৰ ভাগ্য । জানি থওক Things to do on Sawan Month

কলো শিৱভক্তৰ বাবে অধীৰ অপেক্ষাৰে ৰৈ থকাৰ পাছত বছৰত এবাৰ শাওন মাহৰ আগমণ হয় । শাওন মাহ শিৱৰ মাহ, শাওন মাহ পবিত্ৰ মাহ । আজি আমি শাওন মাহত কৰিব পৰা ৪-৫ টা কামৰ কথা জনাম যাৰ দ্বাৰা আপুনি ভাবিব নোৱাৰা সুফল লাভ কৰিব পাৰে । এই কামকেইটা আপুনি কৰিব পাৰিলে আপোনাৰ জীৱনৰ ভাগ্য সলনি কৰি তুলিব পাৰে ।

Things to do on Sawan Month

শাওন মাহত এইকেইটা কাম কৰি আপুনি আপোনাৰ জীৱনটো সলনি কৰি তুলিব পাৰে -

১) আপোনাৰ ঘৰৰ ওচৰত যদি কোনো অৱহেলিত শিৱ মন্দিৰ আছে যত মানুহৰ সমাগম বেছি নঘটে বা বিশেষ সু-সজ্জিত নোহোৱা শিৱ মন্দিৰ আছে  তেনে শিৱ মন্দিৰ বা শিৱ লিংগ চিনাক্ত কৰক । আৰু শাওন মাহৰ যিকোনো এটা সোমবাৰে সূৰ্য অস্ত যোৱা সময়ৰ ভিতৰত গৈ যিমান পাৰে মন্দিৰটো চাফ-চিকুন কৰি আহক । এই সামান্য সেৱা কৰ্মটো কৰিয়েই প্ৰত্যকজন ব্যক্তিয়ে ভাবিব নোৱাৰা সুফল লাভ কৰিব পাৰে ।

২)আপুনি চিনাক্ত কৰা অৱহেলিত শিৱ মন্দিৰ নাইবা বিশেষ সু-সজ্জিত নোহোৱা শিৱ মন্দিৰটোত যদি আপুনি জনাসাধাৰণৰ সুবিধাৰ্থে ব্যৱস্থা কৰে তেন্তে আপুনি ভাবিব নোৱাৰা সুফল লাভ কৰিব পাৰে । এই ব্যৱস্থা যিকোনো হব পাৰে সেইয়া আপোনাৰ সামৰ্থ অনুযায়ী কৰিব পাৰে ।

৩) এই শাওন মাহৰ সোমবাৰৰ দিনাখন ব্ৰত ৰাখি যিকোনো এজন দুখীয়া মানুহ বা ভিক্ষাৰীক মন প্ৰাণ অদি সন্তুষ্ট কৰিবলৈ চেষ্টা কৰক । আপোনাৰ মন খুলি দান কৰক লগতে অন্নই হওক, বস্ত্ৰই হওক, অৰ্থই হওক মন খুলি হিয়া উজাৰি অৰ্পন কৰক ।

৪) এই মাহত যদি কোনোবা ষাড় গৰু ঘৰৰ দুৱাৰমুখত অহা দেখা পায় তেন্তে তাক কিবা খাবলৈ দিয়ক। শাওন মাহত নিয়মিতভাৱে গায় গৰুক অন্ন দান  কৰিব লাগে।গৰুক সেৱা কৰিলে শিৱজি সন্তুষ্ট হয়।

৫) শাওন মাহৰ যিকোনো এটা সোমবাৰৰ দিনা আপোনাৰ সামৰ্থ অনুযায়ী এটা ৰৃপৰ নন্দী আনি আপোনাৰ গোসাই ঘৰত প্ৰতিষ্ঠা কৰক । শাওন মাহ শেষ হলে সেই নন্দীক আপুনি আপোনাৰ ধন ৰখা স্থানত ৰাখ্ক। ইয়াৰ ফলত আপোনাৰ জীৱনত কোনোদিনে ধনৰ অভাৱ নহয় ।

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2022/06/traditional-beliefs-associated-with.html 

"Every effort has been made to ensure the accuracy, timeliness and genuineness of the information provided here. All the content here is given only for the reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
(স্পষ্টিকৰণ : এই প্ৰবন্ধটো ইণ্টাৰনেটত উপলব্ধ তথ্য ভিত্তিত লিখা হৈছে। অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞৰ সৈতে যোগাযোগ কৰক।)

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.