সুখৱৰ | এম্প্লইমেণ্ট একচেঞ্জত এইদৰে কৰক ৰেজিচট্ৰেচন | Assam Employment Exchange Online Registration

অসমৰ লাখ লাখ নিৱনুৱাৰ বাবে সুখৱৰ । আজিৰ পৰা (27/09/2021) পুৱা 11:30 বজাৰ পৰা অসমৰ নিযুক্তি বিনিময়ত অনলাইন পঞ্জীয়ন ব্যৱস্থা মুকলি কৰিবলৈ গৈ আছে। এতিয়া এমপ্লিমেণ্ট এক্সচেঞ্জ অফিচ নগৈ কিদৰে আপুনি এমপ্লিমেণ্ট এক্সচেঞ্জ কাৰ্ডখন ঘৰতেই বহি বনাব পাৰিব তাৰ সবিশেষ আজি আমি জনাম ।

Employment Exchange Registration Online Apply

অনলাইন এমপ্লিমেণ্ট এক্সচেঞ্জৰ সুবিধাসমূহ -

১) ফেচলেছ আৰু প্ৰক্ৰিয়া আধাৰিত সেৱা । 

২) আধাৰ-আধাৰিত আবেদনৰ বাবে কোনো শাৰীৰিক প্ৰমাণীকৰণৰ প্ৰয়োজন নাই। 

৩) একক ছাইন-ইন অনলাইন নিযুক্তি পঞ্জীয়ন প্ৰক্ৰিয়া। 

৪) অনলাইন আবেদনৰ লগে লগেই লাভ কৰিব এমপ্লিমেণ্ট এক্সচেঞ্জ পঞ্জীয়ন প্ৰমাণপত্ৰ । 

৫) অনলাইন এমপ্লিমেণ্ট এক্সচেঞ্জ পঞ্জীয়নৰ  সহজ ,সুগম, দ্ৰুতৰ লগতে স্বচ্ছ প্ৰক্ৰিয়া । 

এমপ্লিমেণ্ট এক্সচেঞ্জত অনলাইন কেনেদৰে পঞ্জীয়ন কৰিব? 

পোনপ্ৰথমে ইয়াত ক্লিক কৰক  

ম'বাইল নম্বৰ টাইপ কৰি ৰেজিচটাৰ কৰক। 

ইয়াৰ পাছত মোবাইলত প্ৰেৰণ কৰা ইউজাৰ আইডি আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি পৰ্টেলত লগ ইন কৰক।

ক) যিসকলৰ আধাৰ কাৰ্ড আছে তেওলোকে আধাৰ আধাৰিত প্ৰমাণীকৰণ বাছনি কৰক। প্ৰয়োজনীয় তথ্য পূৰণ কৰক আৰু প্ৰতিলিপি আপলোড কৰক। আবেদনৰ শেষত এমপ্লিমেণ্ট এক্সচেঞ্জ পঞ্জীয়ন ই-প্ৰমাণপত্ৰ ডাউনলোড কৰক। 

খ) যিসকলৰ আধাৰ কাৰ্ড নাই তেওলোকে অনা-আধাৰ আধাৰ আধাৰিত (non-AADHAAR based) প্ৰমাণীকৰণ বাছনি কৰক। নথিপত্ৰৰ প্ৰমাণীকৰণৰ বাবে তাৰিখ আৰু সময় বাছনি কৰক। নথিপত্ৰৰ প্ৰমাণীকৰণৰ বাবে নিযুক্তি কাৰ্যালয়লৈ যাওঁক। প্ৰয়োজনীয় নিৰ্দেশনা আৰু প্ৰক্ৰিয়া অনুসৰণ কৰক আৰু নিযুক্তি বিনিময় পঞ্জীয়ন প্ৰমাণপত্ৰ প্ৰাপ্ত কৰক। 

অৰ্থাৎ চমুকৈ কবলৈ গলে যিসকলৰ আধাৰ কাৰ্ড আছে তেওলোকে এমপ্লিমেণ্ট এক্সচেঞ্জ অফিচ এবাৰো নোযোৱাকৈ ঘৰতেই বহি এমপ্লিমেণ্ট এক্সচেঞ্জ কাৰ্ড লাভ কৰিব । 

যিকোনো কাৰিকৰী সমৰ্থনৰ বাবে +91-94351 44510 বা employmentassam2021@gmail.com ত যোগাযোগ কৰক ।

লিখনিটো তথ্যভিত্তিক যদি ভাবে বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক ।

 

  https://api.whatsapp.com/send?text=https://www.assameseinfo.com/2021/09/assam-employment-exchange-online-registration.html 

Post a Comment

3 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Thank You.